জামুগুৰিহাটৰ বহু লোকৰ পৰা বিগত কিছুদিন ধৰি কোনো দুষ্ট চক্ৰই বেংকৰ পৰা গোপনে টকা উলিয়াই নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে ৷ বেংকৰ পৰা হেক কৰি টকা উলিয়াই নিয়াৰ সন্দৰ্ভত ভূক্তভোগীসকলে বেংক কৰ্তৃপক্ষৰ ওচৰ চাপে যদিও এই সন্দৰ্ভত কোনোধৰণৰ সঁহাৰি নোপোৱাৰহে অভিযোগ উত্থাপন হৈছে ৷
তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ ৰঙাচকুৱাত ৷ ৰঙাচকুৱাৰ ১নং বাটমাৰীৰ পুনম সিং নামৰ লোকজনৰ ভাৰতীয় ষ্টেট বেংকৰ 34821184243 একাউণ্ট নম্বৰৰ পৰা নগদ ৩৩,৫০০ টকা দুষ্ট চক্ৰই হেক কৰে ৷
এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক ৰঙাচকুৱা শাখাত অৱগত কৰাত বেংকৰ পৰিচালকগৰাকীয়ে গ্ৰাহকজনৰ কথাত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ অৱশেষত পুনম সিঙে জামুগুৰি আৰক্ষীৰ কাষ চাপে ৷
সাধাৰণ ব্যৱসায়ৰে জীৱন নিৰ্বাহ কৰা পুনমে বেংকত সাঁচি ৰখা এই ধন সম্প্ৰতি হৰলুকি হোৱাত দুখত ভাগি পৰিছে পুনমৰ লগতে সমগ্ৰ পৰিয়ালটি ৷ আনহাতে এই অঞ্চলতে সঘনাই এনে ঘটনা সংঘটিত হৈ থকাত অঞ্চলটোৰ সচেতন ৰাইজো শংকিত হৈ পৰিছে।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post