বৰপেটাৰ (Barpeta) সৰভোগৰ কামাৰগাঁৱত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ (Vreegu Kashyap) গাড়ীৰ ক্ষতিসাধন। গুণজিৎ বৰ্মণ নামৰ এজন যুৱকক আটক (Detain)। সৰভোগৰ (Sorbhog) কমাৰগাঁৱত শ্ৰীশ্ৰী মহালক্ষ্মীপূজাৰ সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভৃগু কাশ্যপে।
কণ্ঠশিল্পী ভৃগু কাশ্যপ-
অনুষ্ঠানৰ শেষত নিশা কণ্ঠশিল্পীগৰাকীয়ে ভাত খাই থকাৰ সময়তে গুণজিৎ বৰ্মণ নামৰ যুৱকজনে গুৰিয়াই লথিয়াই মাৰ্চিদিছ (Mercedes) গাড়ীখনৰ কেইবাটাও ঠাইত ক্ষতিসাধন কৰে।
ঘটনা সংঘটিত কৰিয়েই যুৱকজন পলাবলৈ চেষ্টা চলাইছিল, অবশ্যে স্থানীয়লোকে যুৱকজনক আটক কৰি সৰভোগ আৰক্ষীক (Sorbhog Police) গতাই দিয়ে। ঘটনাটোৰ সময়ত যুৱকজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।
Photo & Input: জাহিৰুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/nine-standard-girl-student-beaten-by-teacher-at-morigaon/3851/
Discussion about this post