উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা যুৱকৰ । চন্দ্ৰাৰ কিশোৰীগৰাকীক ঘৰৰ সমীপৰে বিতুপন দাস নামৰ এজন যুৱকে ধৰ্ষণৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে।
কিশোৰীগৰাকীয়ে নিশা নিকটৱৰ্তী যুৱক বিতুপন দাসৰ ঘৰলৈ মোবাইলৰ চাৰ্জাৰ বিচাৰি যাওতে যুৱকজনে কিশোৰী গৰাকীক মুখত সোপা দি ধৰ্ষণৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে পিতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত বিতুপন দাসক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
ধৃত যুৱকজনে কয় যে, মদ খাই আছিলো, গমেই নাপালো কি কৰিলো। কিশোৰীগৰাকীৰ দেউতাকৰ লগত মদ খাই আছিলো। আৰক্ষীৰ প্ৰাথমিক তদন্তত স্বীকাৰোক্তি যুৱকজনৰ।
Photo: KhatangKhobor




























Discussion about this post