মৰিয়নিৰ (Mariani) চেলেংহাটত (Selenghat) বুধবাৰে পুৱাই সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Accident)।
ৰে’ললাইনৰ ওপৰেৰে কাণত হেডফোন লগাই গান শুনি গৈ আছিল এজন যুৱক (Youth Died For Using Headphone)। সেয়াই যেন কাল হৈ পৰিল। দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল যুৱকজনক।
হেডফোন লগাই ৰে’লপথত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন ৰে’লে মহটিয়াই নিয়ে যুৱকজনক। নিহত যুৱকজন মৰাণ পথালিবামৰ উমেশ চাওৰা বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা প্ৰায় ৭মান বজাত সংঘটিত হয় এই শোকাৱহ ৰে’ল দুৰ্ঘটনাটো।
যুৱকজন চেলেংহাটৰ বৈছাহাবি চাওৰা লাইনৰ এঘৰলৈ ফুৰিবলৈ আহিছিল। কাণত হেড ফোন লগাই গান শুনি ৰে’লপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত ৰে’লৰ হৰ্ণ নুশুনাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
ঘটনাস্থলীত চেলেংহাট আৰক্ষী (Selenghat Police) আৰু মৰিয়নি ৰে’ল আৰক্ষী (Mariani Railway Police) উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
Photo: Google
Discussion about this post