নলবাৰীত (Nalbari) অঘটন। নলবাৰীৰ ইউনাইটেড হাস্পতালৰ (Nalbari United Hospital) শৌচাগাৰত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ (Deadbody Recover)। মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ এটা চিৰিঞ্জ। মৃতদেহটো নলবাৰীৰ ৰাজনগৰৰ ৰিচমণি আলী (২৬)ৰ বুলি চিনাক্ত কৰা হৈছে।
ড্ৰাগছ (Drugs Overdose) গ্ৰহণ কৰাৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। অৱশ্যে পিতৃৰ ভাষ্যমতে এয়া এক হত্যাকাণ্ড। হাস্পতালৰ কৰ্মচাৰীয়ে আজি দিনৰ ১১ মান বজাত শৌচাগাৰৰ ভিতৰত যুৱকজনৰ মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো (Death) উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে যুৱকজন ড্ৰাজছ আসক্ত বুলি সন্দেহ কৰাৰ লগতে মৃতদেহৰ ওচৰত ড্ৰাগছ লোৱা এটা চিৰিঞ্জো উদ্ধাৰ কৰে ৷ ৰাজনগৰৰ ৰিংকু আলীৰ পুত্ৰ ৰিচিমণি আহমেদে ছমাহ পূৰ্বে বিয়া পাতিছিল ৷ মৃত যুৱকজনৰ পিতৃয়ে পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ৷
ড্ৰাগছৰ ঘাটিত পৰিণত নলবাৰীৰ ইয়াৰ পূৰ্বেও ড্ৰাগছ সেৱন কৰি মৃত্যু হৈছিল এজন যুৱকৰ। আজি পুনৰ এইদৰে সন্দেহজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Photo & Input: Khatang Khobor
Discussion about this post