ৰূপহীহাটত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীয়ে এজন যুৱকক অমানৱীয় ভাৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে পুৱা পিতৃৰ ঔষধ ক্ৰয় কৰিবলৈ ওলাই আহিছিল প্ৰাৰ্থ প্ৰতিম বৰা নামৰ এজন যুৱকে।
তেনে সময়তে আনন্দ মিশ্ৰ বাহিনীয়ে যুৱকজনক হেলমেট পৰিধান নকৰাৰ কাৰণে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কোনো কথা নোসোধাকৈ প্ৰহাৰ কৰিছিল যুৱকজনক। যুৱকজনে হেলমেট পৰিধান কৰা নাছিল কিন্তু যুৱকজনক জৰিমনা নিবিহি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল।
এই সন্দৰ্ভত ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহনা দিছে আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে ৷ আৰু ভৱিষ্যতে এনে অমানৱীয় কাণ্ড সংঘটিত কৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰে ৷
Photo & Input: Khatang Khobor





























Discussion about this post