কোলাত কেঁচুৱা লৈ শৰাইঘাট দলঙৰ পৰা আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। পাৰিবাৰিক কণ্ডলৰ বাবে এই সিদ্ধান্ত বান্না দেৱী নামৰ মহিলাগৰাকীৰ। স্বামীসহ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিব বিচাৰিছিল কেঁচুৱাসহ মহিলাগৰাকীয়ে।
আমিনগাঁও আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আত্মহত্যা কৰিবলৈ যোৱা মহিলাগৰাকীক। আত্মহত্যা(Suicide) কৰিব বিচৰা বান্না দেৱী মহিলাগৰাকীৰ ঘৰ আমিনগাঁও পানীপাৰাত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পত্নীৰ অভিযোগৰ ভিত্তিত ধৃত স্বামী ছনু ৰায়ক সোধা-পোছাৰ বাবে আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে। স্বামী, শহুৰ-শাহুৱেক সকলোৱে মিলি শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।
Photo: Khatang Khobor





























Discussion about this post