ধিঙৰ উত্তৰ দিশে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ বান গৰা খহনীয়া প্ৰতিৰোধৰ বাবে শিলঘাটৰ পৰা ধিং – ভূৰাগাঁও-মায়ং- হিলৈখুন্দালৈকে বৃস্তিত মথাউৰিটো অতীতৰে পৰাই জলসম্পদ বিভাগৰ একাংশ ঠিকাদাৰৰ বাবে খিৰতি গাইলৈ পৰিণত হৈ আহিছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নায়।
এই মথাউৰিটো মেৰামতিৰ বাবে প্ৰতি বছৰেই জলসম্পদ বিভাগৰ তৰফৰ পৰা ধন আবণ্টন দি আহিছে যদিও সিংহভাগেই একাংশ ঠিকাদাৰ বিষয়াৰ দ্বাৰা আত্মসাৎ হৈ আহিছে। বৰ্তমানেও মথাউৰিৰ পুনঃনিৰ্মাণৰ কাম চলি আছে যদিও নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ পোৱা গৈছে।
ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিপৰায়ন বিষয়া-কৰ্মচাৰীয়ে মিলি সংঘটিত কৰিছে এই অবাধ দুৰ্নীতি। স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰসকলে নিজৰ খেয়াল খুচি মতে নিৰ্মাণ কৰিছে মথাউৰি।
যাক লৈ ধিঙত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিয়নো মথাউৰি নিৰ্মাণ কৰা স্থানত নাই কোনো নাম ফলক। ৰাইজে চিনি নাপায় ঠিকাদাৰকসকলক। ঠিকা লাভ কৰা ঠিকাদাৰজনে আন এজন উপ-ঠিকাদাৰ নিয়োগ কৰি মাটিৰ পৰিৱৰ্তে বালিৰে নিৰ্মাণ কৰিছে মথাউৰি যাৰ ফলত এজাক বৰষুণ দিলেই বালি খহি পূৰ্বৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাও প্ৰকট হৈছে।
তদুপৰি বালিৰে নিৰ্মাণ কৰাৰ ফলত ব্ৰহ্মপুত্ৰৰ পানীৰ ধাৰাত যি কোনো সময়তে মথাউৰি ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বাৰিষা আৰম্ভ হোৱাৰ ঠিক আগে আগে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।
এইবাৰ পুনঃনিৰ্মাণ কাম আৰম্ভ হোৱাৰ পৰা আজিলৈকে কামৰ তদাৰক কৰিবলৈ উপস্থিত নহ’ল নগাঁও জলসম্পদ বিভাগৰ কোনো এজন বিষয়া-কৰ্মচাৰী। সেয়ে স্থানীয় ৰাইজে জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাক তদন্ত কৰি ঠিকাদাৰ বাহিনীৰ লগতে যিসকল বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি সংঘটিত কৰিছে সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post