ৰোগী শুশ্ৰুষাৰ নামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুজনাৰ সৃষ্টিৰাজি আৰু বিহুক বিকৃত ৰূপত উপস্থাপন কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। মৰানৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সয়ম্ভু ইশ্বৰজনক।
শেহতীয়াকৈ ডিব্ৰুগড়ৰ মৰানৰ দোমৰদলং স্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত গুৰু দুজনাৰ অনবদ্য অৱদান বাদ্য, গীত-পদ, ঘোষা, সুৰ বিকৃত কৰি খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাক লৈ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পিছতে এই ভিডিঅ’ই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
ইফালে স্বাস্থ্য পৰীক্ষাত চুতীয়াৰ ক’ভিড পজিটিভ ধৰাত আইছলেচনত ৰখা হৈছে ৰঞ্জন চুতীয়াক। ৰঞ্জন চুতীয়াই দিহানাম, ঘোষা, বিহু ইত্যাদিৰ সুৰত যীচুৰ বানী প্ৰচাৰ কৰিছিল।
Photo & Input: ৰাজু সনোৱাল
Discussion about this post