দেওবাৰে সমগ্ৰ দেশে পালন কৰিলে ৭৫ সংখ্যক স্বাধীনতা দিৱস। আৰক্ষী-প্ৰশাসন সকলোৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উদযাপিত হ’ল স্বাধীনতা দিৱস। সকলো ঠিকেই আছিল কিন্তু সমগ্ৰ দেশৰ বাবে সন্মানীয় এই দিনটোত এগৰাকী আৰক্ষীয়ে কৰিলে অসন্মানীয় কাৰ্য।
স্বাধীনতা দিৱসৰ দিনটোত এগৰাকী আৰক্ষী কৰ্মী হিচাপে থাকে বহু দায়িত্ব কিন্তু এইগৰাকী কৰ্মীয়ে দায়িত্বক বুঢ়া আঙুলি দেখুৱাই ব্যস্ত হ’ল অন্য এক কাৰ্য কলাপতহে।
নাৰায়ণপুৰত খাকী পোছাকত দাগ লগালে সুৰাপায়ী আৰক্ষী জোৱানে। স্বাধীনতা দিৱসৰ দিনটোতে সুৰাৰ ৰাগীত মাতাল হৈ দিন দুপৰতে পথৰ কাষত পৰি থাকিল এইজন অসম আৰক্ষীৰ জোৱান। এফালে আৰক্ষী কৰ্মীজনে ৰাস্তাতে শুই আছিল আৰু পাছফালে বাজি আছিল দেশ ভক্তিৰ গীত।
খাকী পোছাকত দাগ লগোৱা এই গৰাকী আৰক্ষী নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত কৰ্মৰত ৷ জোৱানগৰাকী হৈছে এ বি চি ৭৬৬ ভূপেন ভূঞা। ঘৰ বিশ্বনাথ জিলাৰ কলাবাৰীত।
বিগত সময়তো এই আৰক্ষীগৰাকীয়ে শিমলুগুৰি অঞ্চলত য’তে ত’তে সুৰাপান কৰি উদ্ভণ্ডালি কৰি অহাৰ লগতে পৰিৱেশ বিনষ্ট কৰি আহিছে ৷ ইয়াৰ পিছতো আৰক্ষীৰ উদ্ধৰ্তম কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷
Photo: ইছৰাকুল ইছলাম
Discussion about this post