এখন আঞ্চলিক সমিতি গঠন কৰিব যোৱাক লৈ সংঘৰ্ষৰ সৃষ্টি হ’ল আমছুৰ দুই গোটৰ মাজত। লংকাৰ বৃহত্তৰ কাকী আঞ্চলিক সমিতিখন গঠন কৰিব যোৱাক লৈয়ে সৃষ্টি হ’ল এনে পৰিস্থিতিৰ। অভিযোগ উঠিল আমছুৰ বহিস্কৃত নেতা-কৰ্মীৰ কু-কৃতি।
এই অভিযোগ উত্থাপন কৰিলে আমছুৰ হোজাই জিলা সমিতিৰ ৰেজাউল গোটৰ সভাপতি গৰাকীয়ে। ইফালে,আঞ্চলিক সমিতি গঠন কৰিবলৈ যোৱা ইকবাল পন্থীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হ’ল।
পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে এটা সময়ত আমছুৰ ইকবাল হুছেইন গোট আৰু ৰেজাউল কৰিম চৰকাৰৰ গোটৰ মাজত হোৱা অপ্ৰীতিকৰ পৰিস্থিতি আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।
সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে দুয়োটা গোটে পৃথকে পৃথকে এজাহাৰ দাখিল কৰাৰ বিপৰীতে আৰক্ষীয়ে হাছেন আহমেদ চৌধুৰী আৰু খলিলুৰ ৰহমান নামৰ দুই আমছু সদস্যক আটক কৰিছে।
Photo & Input: Khatang Khobor
Discussion about this post