ডিব্ৰুগড়ৰ ষ্টেট বেংকৰ কাণ্ডৰ পিছত এইবাৰ মঙলদৈত ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ই কঁপাইছে জিলাখন। দৰঙৰ যুৱক এজনে নিজৰ পেজত আপলোড কৰিছে এটি নিৰ্লজ্জ ঘটনাৰ দৃশ্য।
সমাজ লজ্জানত কৰা এই ঘটনাটো মঙলদৈ ভেবাৰঘাটৰ পৰা যোৱা অটোৰিক্সাৰ চালকৰ কাণ্ড বুলি দাবী কৰি post দিছে যুৱকজনে। অটো চালকৰ দুয়ো কাষে দুগৰাকী কলেজীয়া যুৱতী বহিছিল আৰু চালকজনে অশ্লীল কৰ্ম যাত্ৰীৰ সন্মুখতে কৰিছিল।
ভাইৰেল ভিডিঅ’-
বাওঁ কাষত বহি অহা যাত্ৰীগৰাকীয়ে মোবাইলেৰে সমস্ত ঘটনা ৰেকৰ্ডিং কৰে। দিনৰ পোহৰত চলন্ত অটোত কলেজীয়া যুৱতী যাত্ৰীৰ সন্মুখতে এনে অশ্লীল কৰ্ম সঁচাকৈ লজ্জিত কৰিছে সমাজক। ভাইৰেল হোৱা ভিডিঅ’টো মঙলদৈৰ বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।
ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ মুকুল আলী নামৰ অটো চালকজনক। লগতে ছচিয়েল মিডিয়াত ভাইৰেল কৰা যুৱকজনকো সোধা-পোছাৰ বাবে আটক কৰে আৰু যুৱকজনৰ মোবাইলো জব্দ কৰে আৰক্ষীয়ে।
Photo & Input: Bhabesh Kalita
Discussion about this post