অৱশেষত টেট শিক্ষকৰ (Tet Teacher Job) চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক (Victor Das Suspension From Tet Teacher Job)। শিক্ষা বিভাগে (Education Department) চাকৰিৰ পৰা নিলম্বন কৰে দাসক। পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন কৰা হয় ভিক্টৰ দাসক।
উল্লেখযোগ্য যে চৰকাৰী চাকৰি কৰাৰ উপৰি ভিক্টৰ দাসে (Victor Das) চলাইছিল এটা ক’চিং চেণ্টাৰ। কিছুদিন পূৰ্বে ২৬ হাজাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তুলি উপযুক্ত তথ্য দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক ৷ ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।
গ্ৰেপ্তাৰৰ পিছতে ৭ দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ (Bail Garanted) কৰাত অৱশেষত দুদিন পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ভিক্টৰে। জামিনৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰ দাসক। অসম সেৱা নিয়ম ১৯৬৪ ৰ দফা ৬ৰ (১) আৰু (২)ৰ অধীনত নিলম্বন কৰা হয় ভিক্টৰক।
ইফালে জেলৰ পৰা মুক্তি পোৱাৰ পিছতে ফেচবুকত প্ৰথমটো পোষ্ট কৰে ভিক্টৰে (Victor Das Facebook Post)।
পোষ্টটোত ভিক্টৰে সেই সকল লোকক ধন্যবাদ জনাই যি সকলে তেঁওক সহায় সহযোগ কৰে। ইয়াৰ ভিতৰত আছে ভিক্টৰৰ পিতৃ-মাতৃ, ছাত্ৰ-ছাত্ৰী সকল লগতে অভিভাৱক সকল, অসম আৰক্ষী বিশেষকৈ পানবজাৰ আৰক্ষীৰ আৰক্ষী বিষয়াসকল।
সোমবাৰে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই (Siddhartha Bhattacharya) ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছিল ৷
Photo: Google
Discussion about this post