ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ওলাইছে বিভিন্ন ধৰণৰ মাছ (Fish)। উৰুকা(Uruka)ৰ নিশা লগে ভাগে এসাঁজ খাবলৈ ডাঙৰ মাছটো কিনিবলৈ বজাৰত বাঢ়িছে গ্ৰাহকৰ ভিৰ। চাও আহক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হোৱা কেতবোৰ ডাঙৰ মাছৰ কেইবাখনো ফটো।








মহানগৰীৰ (Guwahati) উজান বজাৰত (Uzan Bazar) পুৱাই ডাঙৰ ডাঙৰ মাছে দখল কৰিলে বজাৰ। মাছ কিনিবলৈ বজাৰখনত ভিৰ কৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে। উজান বজাৰত ডাঙৰ ডাঙৰ মাছৰ মাজত বিশেষ স্থান পাইছে প্ৰকাণ্ড আঁৰি মাছটোৱে।
মঙলদৈ (Mangaldoi) উৰুকাৰ বজাৰত ২৫ কেজিৰ ভকুৱা। জিলা খনৰ কেইবাটাও বৃহৎ বৃহৎ পুখুৰীৰ পৰা ধৰি অনা ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ ৷ মঙলদৈ বজাৰত ২০-২৫ কিলোগ্ৰাম ওজনৰ ভকুৱা, ১৮-২০ কিলোগ্ৰাম ওজনৰ বৰালি, ১২-১৫কিলোগ্ৰাম ওজনৰ চিতল ,১২-১৪ ওজনৰ ৰৌ আদি মাছেৰে ভৰি পৰিছে।
যোৰহাটৰ (Jorhat) কেন্দুগুৰিত ওলাইছে ১৮ কেজি ওজনৰ বৰালি মাছ।
তেজপুৰৰ (Tezpur) মাছৰ বজাৰতো মাছ কিনিবলৈ মানুহৰ ভিৰ। তেজপুৰ গোটলং ভিতৰ সুঁতি মাছ বজাৰত গ্ৰাহকৰ মাছ কিনিবলৈ ভিৰ। চিতল¸বৰালী¸ৰৌ¸বাহু¸ঢেকেৰা¸শিলঘৰীয়া মাছ কিনিবলৈ বজাৰত হেতা ওপৰা গ্ৰাহকৰ।
Photo: Khatang Khobor





























Discussion about this post