বিলাসীপাৰাৰ (Bilasipara) চিৰাকুটাৰ (Chirakuta) ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident)। দ্ৰুতবেগী ছুইফট ডিজায়াৰ বাহনে মহটিয়াই নিয়ে মাতৃসহ দুই জীয়ৰীক। দুৰ্ঘটনাটোত থিতাতে কৰুণ মৃত্যুক সাৱটিলে বুলবুলি বেওৱা (৫৫) নামৰ মহিলাগৰাকীয়ে (Women Died)। ইফালে মহিলাগৰাকীৰ দুটি কন্যা সন্তান আচমিনা বেগম আৰু হুছেনা বেগমো গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় (Two Girl Critically Injured)। পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত আচমিনা আৰু হুছেনাক কোকৰাঝাৰ আদৰ্শ হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 190 – 5551। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই চালকে পলায়ন কৰে যদিও পিছত চালকজনে আত্মসমৰ্পণ কৰে শালকোচা আৰক্ষী (Salkocha Police) চকীত। জানিব পৰা মতে, দিন হাজিৰা কৰি দুই সন্তানৰ সৈতে বুলিবুলি বেওৱাই ঘৰলৈ বুলি উভতি গৈ থাকোতে এই শোকাৱহ পথ দুৰ্ঘটনাটো (Tragic Road Accident) সংঘটিত হয়।
Photo & Input: আতোৱাৰ ৰহমান
আৰু পঢ়কঃ https://khatangkhobor.com/news/suicide-case-mother-jump-infront-of-train-at-guwahati/9464/
Discussion about this post