আধৰুৱা হৈ ৰ’ল যুগ্ম জীৱনৰ সপোন। বিয়ালৈ মাজত মাত্ৰ এটা মাহ থকাৰ অৱস্থাতে নিয়তিয়ে থানবান দুটা জীৱনৰ এটা সপোন। মন্দিৰলৈ যোৱাৰ পথত এক কৰুণ পথ দুৰ্ঘটনাই কাঢ়ি নিলে বাগদত্তাসহ (Fiancee) যুৱকৰ প্ৰাণ। এই শোকাৱহ দুৰ্ঘটনাটো (Tragic Road Accident) সংঘটিত হৈছে যোৰহাটত (Jorhat)।
মহাশিৱৰাত্ৰি (Mahashivratri) উপলক্ষে মঙলবাৰে বিয়লি দেৰগাঁৱৰ ওচৰৰ বিখ্যাত নেঘেৰিটিং শিৱমন্দিৰলৈ স্কুটিৰে গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী যাত্রীবাহী বাছৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহী যুৱক-যুৱতী (Bus And Scooty Collision)।
নিহত যুৱক-যুৱতী দুগৰাকী হ’ল (Girl And Boy Died) ক্ৰমে যোৰহাট বৰখঙীয়া গাঁৱৰ বিপুল বৰাৰ কন্যা স্মৃতিৰেখা বৰা (২৩) আৰু গোলাঘাটৰ কাকডোঙাৰ লুকুমাই গাঁৱৰ ৰণজিৎ বৰাৰ পুত্ৰ ৰক্তিম বৰা (৩০)।
দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালক-হেণ্ডিমেনৰ লগতে যাত্ৰীসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। প্ৰাণ হেৰুৱা দুয়োৰে বিবাহৰ বন্দবস্ত হৈ আছিল আৰু অহা ব’হাগত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে।
দুর্ঘটনাটোত প্ৰাণ হেৰুওৱা স্মৃতিৰেখাই বিগত বৰ্ষত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰি সৰ্বশিক্ষাৰ অধীনত মহবন্ধাৰ এখন বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষকতা কৰি আছিল। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীৰ গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল।
আনহাতে দুৰ্ঘটনাটোত নিহত ৰক্তিম বৰা পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত আছিল আৰু কাকডোঙা অঞ্চলৰ এজন সৰবৰহী যুৱক আছিল। যোৱা মাঘ মাহত দুয়োৰে আঙঠি পিন্ধোৱা সম্পন্ন হৈছিল। দুৰ্ঘটনাটোৰ পিছতে একাংশ উত্তেজিত লোকে বাছখনৰ আইনা আদি ভাঙি চুৰমাৰ কৰে। অৱশ্যে ঘটনাৰ পাচতে যোৰহাটৰ পৰা যোৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/youth-jump-from-ferry-attempt-suicide-at-nimatighat-in-assam/7228/
Discussion about this post