গোলাঘাটৰ (Golaghat) পিছত শিৱসাগৰতো (Sivasagar) আত্মহত্যা এগৰাকী মহিলাৰ (Nurse Suicide)। বৃহস্পতিবাৰে মাজনিশা দিখৌত জাঁপ দি আত্মহত্যা কৰে এগৰাকী নাৰ্চে (Women Jumped Into Dikhow River)। শিৱসাগৰৰ দিখৌ দলঙৰ পৰা জপিয়ালে নাৰ্চগৰাকীয়ে।
আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা নাৰ্চগৰাকীৰ নাম শিখা শইকীয়া। কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আছিল কৰ্মৰত। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দলঙৰ কাষৰ পৰা উদ্ধাৰ স্কুটি, হেলমেট আৰু মোবাইল।
শিখা শইকীয়া চিভিল হাস্পতালৰ কলনীত একমাত্ৰ সন্তানৰ সৈতে বাস কৰিছিল। জয়সাগৰতেই স্বাস্থ্য বিভাগত কাম কৰি আছিল মহিলাগৰাকী ৷ প্ৰকৃত ঘৰ আছিল আখৈফুটীয়া জয়ৰাপাৰত। মাতৃৰ চাকৰিৰ সূত্ৰে জয়সাগৰ চিকিৎসালয়ৰ আৱাসীক এলেকাত বাস কৰিছিল ৷
বৃহস্পতিবাৰে নিশা দিখৌ নৈৰ (Dikhow River) দলঙলৈ স্কুটীৰে আহি দলঙৰ ওপৰতে স্কুটী এৰি থৈ অন্তৰ্ধান হয় শিখা ৷ যাৰ বাবে যুৱতীগৰাকীয়ে দিখৌ নৈত জাপ দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মহিলাগৰাকীয়ে বাস কৰা কোঠাত উদ্ধাৰ এখন ছুইচাইড নোট। ঘটনা সন্দৰ্ভত জয়সাগৰ আৰক্ষীৰ তদন্ত অব্যাহত।
লগতে বৃহস্পতিবাৰৰ নিশাই গোলাঘাটত এগৰাকী মহিলাই নিজৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত প্ৰকাশ কৰি ধনশিৰী নদীত জপিয়াই কৰিছিল আত্মহত্যা (Women Jumped Into Dhansiri River)। বৰ্তমানেও মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু SDRFৰ দল।
Photo & Input: পাৰচিচ আহমেদ
Discussion about this post