শনিবাৰে বন্ধুৰ বিয়া। শুকুৰবাৰে ঘৰলৈ যোৱাৰ কথা আছিল তেওঁৰ। ইতিমধ্যেই লৈ থৈছিল ছুটি। কিন্তু পুৱাৰ সেই শোকাৱহ ঘটনাই (Tragic Incident) নমাই আনিলে দুখৰ বন্যা। শুকুৰবাৰে পুৱা মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত (Bhangagarh Police) সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
পুৱা প্ৰায় ৫.৩০ বজাত কৰ্তব্যৰত হোমগাৰ্ডে শুই থকা যান-বাহন আৰক্ষীৰ (Traffic Police) জোৱান বিপ্লৱ কুমাৰ সিংহক জগাবলৈ চেষ্টা কৰে। কিন্তু শোৱাপাটিতে মৃত্যুক সাৱটি ল’লে বিপ্লৱ কুমাৰ সিংহই। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰখোলাৰ নিৱাসী ৩১ বছৰীয়া বিপ্লৱ কুমাৰ সিংহ ২০১৫ চনৰ পৰা অসম আৰক্ষীৰ (Assam Police) যান-বাহন শাখাত কৰ্তব্যৰত আছিল।
কৰ্তব্যলৈ অহাৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰায় ২০ মিনিট সময় তেওঁ জু-ৰোডত এটা মোবাইল চোৰৰ পিছা কৰিছিল। অৱশ্যে তেওঁ খেদি খেদিও ধৰিব পৰা নাছিল মোবাইল চোৰটোক। সুন্দৰ, সুস্বাস্থ্যৰ অধিকাৰী যুৱকজনৰ থানাৰ ভিতৰতে সংঘটিত মৃত্যুৱে এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।
এটি ৮ বছৰীয়া কন্যা সন্তানৰ পিতৃ বিপ্লৱ কুমাৰ সিংহৰ মৃত্যুৱে শোকৰ বন্যা নমাইছে অভয়াপুৰীতো। অতি নিষ্ঠাবান, সাহসী আৰক্ষী জোৱানজনৰ মৃত্যু কিদৰে সংঘটিত হ’ল, তাৰ তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকেও।
উল্লেখ্য শুকুৰবাৰে বিয়লি তেওঁ বন্ধুৰ বিয়াৰ বাবে ছুটি লৈছিল। পুৱা ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিভাগীয় অনুষ্ঠানৰ পূৰ্বে শোৱাপাটিৰ পৰা তেওঁক জগাই দিবলৈ গৈছিল সেই সময়ত দায়িত্বত থকা হোমগাৰ্ডগৰাকীয়ে। কিন্তু জোৱানজন সাৰ নোপোৱাত থানাৰ ভিতৰত হাহাকাৰ লাগে। ভঙাগড় আৰক্ষী থানাৰ যান-বাহন শাখাৰ আৰক্ষী জোৱান বিপ্লৱ কুমাৰ সিংহৰ এই মৃত্যুক সহজ ভাৱে ল’ব পৰা নাই তেওঁৰ সতীৰ্থ জোৱানসকলেও।
Photo: News8Northeast
Discussion about this post