লাহৰীঘাটত (Laharighat) প্ৰচণ্ড ধুমুহাত (Storm) গছ পৰি এজন যুৱকৰ কৰুণ মৃত্যু (Youth Died)। নিশা অহা প্ৰচণ্ড ধুমুহাই প্ৰাণ ল’লে যুৱকজনৰ। কৰুণ ঘটনাটো (Tragic Incident) সংঘটিত হৈছে লাহৰীঘাট থানাৰ (Laharighat Police Station) অন্তৰ্গত মৰিতলী গাঁৱত। নিশা প্ৰচণ্ড ধুমুহাত গছ পৰি এজন যুৱকজনৰ কৰুণ মৃত্যু হয়। মৃত যুৱক জনৰ নাম শ্বহিদুল ইছলাম (৩২ )। পৰিয়ালৰ লোকে জনোৱা মতে নিশা প্ৰচণ্ড ধুমুহা আৰু প্ৰৱল বৰষুণৰ ফলত গছ উভালি শ্বহিদুল ইছলামৰ গাত পৰাত নাকে মুখে তেজ ওলায়। সংকটজনক অৱস্থাত ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও গুৰুতৰভাবে আঘাত পোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
কিন্তু দুৰ্ভাগ্যক্ৰমে নগাঁও যোৱাৰ পূৰ্বেই বাটতে শ্বহিদুল ইছলামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু চাৰিটা সন্তান এৰি থৈ যায়। শ্বহিদুলৰ এই অকাল মৃত্যুত পৰিয়ালৰ লগতে সমগ্র অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে।
Photo & Inpur: ছাদ্দাম হুছেইন
Discussion about this post