কামৰূপ জিলাত (Kamrup District) বকোত (Boko) সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিশা পথ দুৰ্ঘটনাত (Road Accident) নিহত হোৱা পুত্ৰৰ মৃত্যু শোক সহিব নোৱাৰি মাতৃয়েও আঁকোৱালি ল’লে কৰুণ মৃত্যুক (Death)। এই শোকাবহ ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত দিলিঙাত।
উল্লেখ্য বকোৰ শিংৰা শালনিত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত (Horrific Road Accident) থিতাতে নিহত হৈছিল দিলিঙা গাঁৱৰ সুনন্দ ৰয় (২৮) নামৰ যুৱক এজন। বকোৰ পৰা নিজ কৰ্মস্থল এৰি এচ ০১ ই ইউ ৪৭৫৯ নম্বৰৰ স্কুটী এখনেৰে নিজ ঘৰলৈ গৈ থকা অৱস্থাতে এ এচ ২৫ চিচি ৬৬৭৯ নম্বৰৰ ট্ৰাক এখনত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।
ইপিনে, পুত্ৰ মৃত্যুৰ খবৰ শুনাৰ পিছতে সুনন্দৰ মাক অনিমা ৰয় মূৰ্চা যায়। তেনে অৱস্থাত ততাতয়াকৈ বকোৰ অৰুণোদয় নাৰ্চিহোমত অনিমা ৰয়ক ভৰ্তি কৰে যদিও আজি তেওঁৰ কৰুণ মৃত্যু হয় ৷ জানিব পৰামতে,মৃত সুনন্দ ৰয়ৰ মাতৃৰ মৃত্যু হোৱা অৰুণোদয় নাৰ্চিংহোমৰ ফাৰ্মাচিষ্ট আছিল। পুত্ৰ-মাতৃৰ এই কৰুণ মৃত্যুৰ ঘটনাই দিলিঙা গাঁৱৰ লগতে সমগ্ৰ বকো অঞ্চল শোকত ভাগি পৰিছে ৷
Photo & Input: Pritam Bayan
আৰু পঢ়কঃ https://khatangkhobor.com/news/no-curfew-after-15-march-himanta-biswa-sarma-in-assam/6571/
Discussion about this post