এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ওদালগুৰিত (Udalguri)। যি ঘটনাই মর্মাহত কৰিছে ওদালগুৰি জিলাৰ ৰৌতাৰ কঠালবাৰী গাঁৱৰ বাসিন্দাসকলক।
১২ বছৰীয়া ৰোগাক্ৰান্ত পুত্ৰৰ চিকিৎসালয়ত মৃত্যুৰ খবৰ পোৱাৰ লগে লগে প্ৰাণ হেৰুৱালে দুৰ্ভগীয়া মাতৃয়েও (Mother And Son Died)। মৃত পুত্ৰৰ নাম মহেশ্বৰ ডেকা। মহেশ্বৰ ডেকা স্থানীয় জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যনৰত আছিল।
বিগত কেইটামান দিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল মহেশ্বৰ ডেকা। যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে শনিবাৰে পুৱা কিশোৰজনে অকাল মৃত্যুক সাৱটি লয় (Death)।
ইফালে পুত্র মহেশ্বৰ ডেকাৰ দৰে মাতৃ অঞ্জলি ডেকাও একে ৰোগত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই আবেলি শেষ নিশ্বাস ত্যাগ কৰে। এনেদৰে একেদিনাই মাতৃ-পুত্ৰৰ মৃত্যু হোৱা ঘটনাটোৱে সমগ্ৰ কঠালবাৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে।
Photo: News8 Northeast





























Discussion about this post