লাহৰিঘাটৰ (Laharighat) কুশতলীত এতিয়া শোকৰ বন্যা। কালিৰে পৰা এতিয়ালৈকে কুশতলিৰ ৰাজহুৱা শ্মশানত জ্বলিল ৬খনকৈ চিতা। সমগ্ৰ অঞ্চলটোতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি। গাঁওখনৰ প্ৰতিগৰাকী লোকৰ এতিয়া চকুত কেৱল চকুপানী। প্ৰাণ হেৰুওৱা লোককেইজনৰ পৰিয়ালে কান্দি কান্দি বাট নেদেখা হৈছে।
মণিপুৰৰ (Manipur) নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত (Tupul Yard Railway Construction Site) বুধবাৰে নিশা সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনতে (Massive Landslide) প্ৰাণ হেৰুৱাইছিল লাহৰীঘাটৰ বহু কেইগৰাকী লোকে। মাটিৰ তলত পোত গৈ প্ৰাণ হেৰুৱাইছিল আটাইকেইজন লোকে।
ইফালে দেওবাৰে মণিপুৰৰ পৰা লাহৰীঘাটৰ (Laharighat) চাৰি শ্ৰমিকৰ মৃতদেহ অনা হৈছিল ঘৰলৈ (4 Workers Deadbody)। মৃতদেহ কেইটা স্ব-গৃহত গৈ পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰিছিল অঞ্চলজুৰি। একেদিনাই কুশতলিৰ ৰাজহুৱা শ্মশানত ৪খনকৈ চিতা জ্বলিছিল। দেওবাৰে মণিপুৰৰ পৰা অনা হৈছিল গোপাল ফুকন, দিপাংকৰ বৰদলৈ ,হৰমোহন ডেকাৰ আৰু পল্লৱ লহমৰ মৃতদেহ। সুদূৰ মণিপুৰৰ পৰা এম্বুলেঞ্চযোগে অনা হৈছিল মৃতদেহ কেইটা। মৃত শ্ৰমিক কেইজনৰ মৃতদেহ স্ব-গৃহত গৈ পোৱাৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কুশতলি শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।
আনহাতে আজিও লাহৰীঘাটলৈ অনা হয় আৰু ২জন শ্ৰমিকৰ মৃতদেহ। মমিন ডেকাৰজা আৰু ভোগেন্দ্ৰ ফুকন নামৰ লোক দুজনৰ মৃতদেহ অনা হয় স্ব-গৃহলৈ। আজিও কুশতলি শ্মশানতে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় লোক দুজনৰ। মুঠতে কালিৰে পৰা আজিলৈ মুঠ ৬খনকৈ চিতা জ্বলিল লাহৰীঘাটত। মণিপুৰৰ নোনে যি ভয়ংকৰ ভূমিস্খলন হৈছিল সেই ভূমিস্খনত শেষ হৈ গ’ল কুশতলী গাঁৱৰ বহু কেইটা পৰিয়ালৰ সপোন।
ভূমিস্খলনটোত নিহত লোকসকলৰ মৃতদেহ যদিও পৰিয়ালৰ লোকে লাভ কৰিছে কিন্তু শেষ বাৰৰ বাবে হ’লেও চাবলৈ নাপালে আত্মীয়ৰ মুখ। গাঁওখনলৈ নশ্বৰদেহসমূহ আহি পোৱাৰ পিছত চাৰিওফালে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ মৃত্যুৰ পিছত কাল অমানিশা নামি আহিছে ঘৰখনলৈ।
মণিপুৰত (Manipur) সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত (Massive Landslide) প্ৰায় ৮১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমানেও ৫৫ গৰাকী লোক আৱদ্ধ হৈ আছে।
Photo & Input: ছাদ্দাম হুছেইন
Published By: Dulu Medhi
Discussion about this post