শিৱসাগৰত (Sivasagar) এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হৈছে। দ’ পুখুৰীত (Pond) পৰি প্ৰাণ হেৰুৱালে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে (Class 12 Student Drowned)। কথমপি প্ৰাণৰক্ষা ছাত্ৰীগৰাকীৰ দুই বান্ধৱীৰ। শিৱসাগৰ জিলাৰ (Sivasagar District) ডিমৌৰ (Demow) বকতা বৰপিয়ালহাবি গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
জানিব পৰা মতে, গাঁওখনৰ বাসিন্দা ধীৰেণ ফুকন আৰু প্রবৃতি ফুকনৰ কনিষ্ঠ কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে বিয়লি ৪ মান বজাত লগৰ আন দুগৰাকী বান্ধৱীৰে সৈতে গাঁৱৰ মাজৰ পথাৰত থকা এটা দ’ পুখুৰীত জলকেলি কৰি থকাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হয়। দুৰ্ভাগ্যবশতঃ দ পানীত ডুবি কৃষ্ণাক্ষী ফুকনৰ সলিলসমাধি ঘটে।
এই ঘটনাত আন দুগৰাকী বান্ধৱী পাৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও কৃষ্ণাক্ষী গভীৰ পানীত ডুব যায়। ঘটনাৰ সময়ত আন কোনো লোক উপস্থিত নথকাত আত্মৰক্ষাৰ বাবে ছোৱালী কেইগৰাকীয়ে চিঞৰিছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে কৃষ্ণাক্ষীক। পিছত গাঁৱৰ লোক গৈ পানীত ডুৱ যোৱা অৱস্থাত কৃষ্ণাক্ষীৰ মৃতদেহ উদ্ধাৰ কৰে।
Photo: News8 Northeast
Discussion about this post