ৰাজ্যত (Assam) অব্যাহত মৃত্যুৰ তাণ্ডৱ! পথ দুৰ্ঘটনাই হওক, নৈত পৰি সলিলসমাধিয়েই হওক বা আত্মহত্যাই হওক মুঠতে অসমত এতিয়া মৃত্যুৰ কিৰিলি উঠিছে।
বিলাসীপাৰাৰ (Bilasipara) উদমাৰীত (Udmari) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিলসমাধি (Drowned) একে গাঁৱৰে দুজন যুৱক। জানিব পৰা অনুসৰি উদমাৰী কামাখ্যা মন্দিৰৰ কাষেৰে বৈ যোৱা গৌৰাং নৈত শনিবাৰে দহজন বন্ধুৱে মিলি গা ধুবলৈ গৈছিল। কিন্তু ইয়াৰে গোপেশ নাথ (২০) নৈৰ গভীৰ সোঁতত উটি যোৱা দেখি সমনীয়া বন্ধু জগদীশ নাথে (২০) তেওঁক উদ্ধাৰ কৰিবলৈ গৈ নিজেও নৈৰ সোঁতত উটি যায়। অৱশ্যে বাকী আঠ বন্ধুৱে কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
সলিল সমাধি ঘটাৰ সন্দেহ প্ৰকাশ কৰা জগদীশ নাথ স্নাতক বিজ্ঞান শাখাৰ দ্বিতীয় ষান্মাসিক আৰু গোপেশ নাথ স্নাতক কলা শাখাৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আছিল। দুয়োৰে ঘৰ বিলাসীপাৰাৰ গোপীগাঁৱত।
Photo & Input: Atowar Rahman
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/horrific-truck-accident-watch-viral-video/10345/
Discussion about this post