বাক্সাৰ (Baksa) ওদালগুৰী (Udalguri) গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা (Tragic Incident)। ককাকৰ পিণ্ডদান কৰিবলৈ গৈ বেঁকী নৈত (Beki River) সলিলসমাধি এজন যুৱক (16 Years Old Boy Drowned)।
মৃত ককাকৰ বছৰেকীয়া পিণ্ডদান কৰিবলৈ গৈছিল যুৱকজন। বাক্সা জিলাৰ লাৱদাংগুৰী উপ-আৰক্ষী চকীৰ অন্তৰ্গত ওদালগুৰীৰ বেঁকী নৈত সলিলসমাধি মুকেশ শৰ্মা (১৬) নামৰ যুৱকজনৰ। বেনুশ শৰ্মাৰ ১৬ বছৰীয়া পুত্ৰ মুকেশ শৰ্মা (Mukesh Sarma)।
পৰিয়ালৰ সৈতে নগৈ, আগতীয়াকৈ নৈৰ ঘাটলৈ গৈ গা ধুবলৈ পানীত নামোতেই বেঁকীৰ কোবাল সোঁতে উটুৱাই লৈ যায় ছাত্ৰজনক। মঙলবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত সংঘটিত হয় এই ঘটনা।
ইফালে ছাত্ৰজন নৈত সন্ধানহীন হোৱাৰ পিছত ঘটনাস্থলীত লাৱদাংগুৰি আৰক্ষীৰ (Labdanguri Police) লগতে বাক্সা (Baksa) আৰু বৰপেটাৰ SDRFৰ দল উপস্থিত হৈ কিশোৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো সম্ভেদ উলিয়াব পৰা নাই।
মৃত ককাকৰ বছৰেকীয়া পিণ্ডদান কাৰ্যসূচীৰ বাবে আত্মীয়ৰ সৈতে নৈৰ পাৰলৈ গৈছিল মুকেশ। সেই উদ্দেশ্যে নৈত গা ধুবলৈ নমাৰ পিছতেই প্ৰৱল সোঁতে উটুৱাই লৈ যায় যুৱকজনক। তাৰ পিছতেই হুৱাদুৱা লাগে অঞ্চলটোত।
এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা মুকেশ এনেদৰে বেঁকীৰ বুকুত সন্ধানহীন হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ককাকৰ পিণ্ডদান কৰিবলৈ গৈ বেঁকী নদীত উটি যোৱা পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃও। কিন্তু বাতৰি লিখা পৰলৈকে যুৱকগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
Photo & Input: জাহিৰুল ইছলাম
Published By: Dulu Medhi
Discussion about this post