মৰিগাঁও জিলাৰ (Morigaon) কাউৰীহাগী কাৰছোৱাবৰী পকৰীয়া বিলত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক শোকাৱহ নাও দুৰ্ঘটনা (Tragic Boat Incident)। পকৰীয়া বিলত নাও ডুবি সলিলসমাধি এগৰাকী স্কুলীয়া ছাত্ৰীৰ (Boat Capsizes)। কৰুণ মৃত্যুক সাৱটি লোৱা ৯ বছৰীয়া ছাত্রীগৰাকীৰ নাম নিচাত বেগম (9 Years Old Girl Died)।
মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ (Jagiroad Station) অন্তৰ্গত কাৰছোৱাবৰী কলবাৰী গাঁৱৰ তথা কাউৰীহাগী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানৰ তৃতীয় কন্যা নিচাত বেগমে আনদিনাৰ দৰে বৃহস্পতিবাৰেও গৈছিল বিদ্যালয়লৈ। কিন্তু বিদ্যালয় ছুটী হোৱাৰ পাছত নাৱেৰে পকৰীয়া বিল পাৰ হোৱাৰ সময়তে অহা কাল ধুমুহাজাকৰ ফলত নদীৰ মাজতে নাও ডুবি যায়। নিচাতৰ লগতে আন বহুকেইগৰাকী ছাত্ৰী আৰু এজন সহকাৰী শিক্ষকো পানীত পৰিছিল।
আন কেইগৰাকী ছাত্ৰীক এখন নাৱৰে উদ্ধাৰ কৰা হৈছিল যদিও নাচিতক উদ্ধাৰ কৰিব নোৱাৰিলে বুলি এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। পিতৃৰ সন্মুখতে কন্যাই সাৱটিলে মৃত্যুক। ডুবি যোৱা নাওখনত আছিল নাচিতৰ পিতৃ তথা প্ৰধান শিক্ষক হাবিবুৰ ৰহমানো।
অৱশ্যে পাছত ৰাইজে জাল মাৰি ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ ফলত সমগ্র অঞ্চলজুৰি শোকৰ ছাঁ। উলেখ্য যে উপযুক্ত পথৰ বা এখন দলঙৰ সুব্যৱস্থা নথকাৰ ফলত এনেদৰেই বিপদ সংকুলভাবে ৰাইজৰ লগতে শ শ ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ ধৰি যাতায়ত কৰি থাকিবলগীয়া হৈছে।
Photo & Input: মৃগাংক মেধি
Discussion about this post