এটা চুৰি কাণ্ডৰ দৃশ্য। চাইকেল চুৰিৰ সমগ্ৰ দৃশ্য বন্দি হৈ ৰ’ল চি চি টিভি কেমেৰাত। এইটো চাইকেল চোৰ কোনো এলা-পেচা বিধৰ চোৰ নহয়। চোৰৰ চুৰিৰ কাহিনী আৰু উদ্দেশ্য শুনিলে আচৰিত হ’ব আপুনিও।
চোৰ কৰাটো একাংশ লোকৰ স্বভাৱ, আন একাংশ লোকে আকৌ চুৰি কাৰ্যত লিপ্ত হয় নিজৰ বা পৰিয়ালৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰিবলৈ । কিন্তু আমি দেখুৱাব বিচাৰিছো এনে এটা চোৰক সি স্বভাৱৰ বাবে বা পৰিয়াল চলাবলৈ চুৰি নকৰে।
এই চোৰটোৱে চুৰি কৰে একমাত্ৰ ড্ৰাগছ খাবৰ বাবেহে। পিছে ড্ৰাগছ আসক্ত এই চোৰটো এইবাৰ জালত পৰিল ধিঙত।
সদাব্যস্ত ধিং বজাৰৰ পৰা এখন চাইকেল চুৰি কৰি নিওতেই ধৰা পৰিল হাৰিকুল ইছলাম নামৰ এই গভাইত চোৰটো।
চাইকেল চুৰিৰ সমগ্ৰ দৃশ্য চি চি টিভিৰ কেমেৰাত বন্দী হোৱাত স্থানীয় ৰাইজে সহজেই কৰায়ত্ব কৰে এই চোৰটোক। ৰাইজৰ উত্তম মাধ্যমৰ পিছত চুৰি কৰাৰ আচল ৰহস্য ফাদিল কৰিলে স্বয়ং চোৰে।
প্ৰথমে গাড়ীৰ হেন্দিমেন হিচাপে কাম কৰা ডেৰশ-দুশ টকাৰে নুজুৰে ড্ৰাগছ খাবলৈ। কিয়নো ড্ৰাগছৰ দাম যে বেছি। সেয়ে হেন্দিমেনৰ কাম বাদ দি একেৰাহে আজি ছমাহে অব্যাহত আছে চাইকেল চুৰিত। নিতৌ কৰবাৰ পৰা নহয় কৰবাৰ পৰা চোৰ কৰে এখনকৈ চাইকেল।
আৰু সেই চাইকেল বিক্ৰী কৰি পোৱা ধনেৰে আৰামত ড্ৰাগছ কিনি খাব পাৰিছে বুলিও কেমেৰাৰ সন্মুখতে ক’লে চোৰটোৱে। এনেদৰেই এতিয়া ড্ৰাগছ খোৱাৰ টকা উলিয়াবলৈ চাইকেল চুৰি কৰি বৰ্তমান ধিং আৰক্ষীৰ ৰঙাঘৰৰ আলহী হ’ল এই গভাইত চোৰ হাৰিকুল।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post