বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী পৌৰ নিগমৰ (GMC)। বহুলোকৰ পৰা পোৱা অভিযোগৰ ভিত্তিত কঠোৰ হৈছে GMC কৰ্তৃপক্ষ। অনৈতিক কাৰ্য চলাৰ অভিযোগৰ ভিত্তিতে পৌৰ নিগম কৰ্তৃপক্ষই পাৰ্লাৰসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
দেওবাৰে এক বিজ্ঞপ্তি যোগে কিছু বাধ্যতামূলক নীতি-নিৰ্দেশনা জাৰি কৰে গুৱাহাটী পৌৰ নিগমে (GMC)। এতিয়াৰ পৰা বিউটি পাৰ্লাৰ তথা ইউনিচেক্স বিউটি পাৰ্লাৰ, চেলুন, স্পা আদি খোলাৰ ক্ষেত্ৰত ট্ৰেড লাইচেন্স লাগিলে মানিব লাগিব কিছু নিয়ম। বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব। অর্থাৎ কোনো পুৰুষে মহিলাক বা মহিলাই পুৰুষক মাছাজ দিব নোৱাৰিব।
১- পাৰ্লাৰ বা চেম্বাৰৰ ভিতৰত কোনো বিশেষ একচেতিয়া কোঠা থাকিব নোৱাৰিব। (There shall not be any exclusive rooms or chambers within the premises of the parlor spa saloon)
২- মুখ্যদ্বাৰ স্বচ্ছ হোৱা বাধ্যতামূলক (Main door should be transparent)
৩- স্পা বা ইউনিছেক্স চেলুনৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়ত যোগ্য থেৰাপিষ্ট থকা উচিত (There should be qualified therapists in respective in respect of spa unisex saloon)
৪- থেৰাপি বা মালিচ বিপৰীত লিংগ দ্বাৰা প্রদান কৰিব নোৱাৰিব (Therapy or massage cannot be provide by the opposite sex)
৫- ষ্টীম বাথ ল’ব পাৰিব কিন্তু সেই সময়ত কোনো কাৰণতে বিপৰীত লিংগই সহায় কৰিব নোৱাৰিব (provision of 1 bvSteam bath may be provided but in no case opposite sex shall assist in any way)
৬- ব্যৱসায়ীক প্ৰতিস্থানলৈ অহা সকলো লোকৰে নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰি থোৱাতো বাধ্যতামূলক (address and phone nos of persons visiting the aforesaid trade establishments must be maintain)
Photo: Khatang Khobor
Discussion about this post