ঠগ প্ৰৱঞ্চনা (Fraud Case) প্ৰতাৰণাৰ বহুতো কাহিনী আপুনিও শুনিছে আমিও দেখুৱাইছোঁ। কিন্তু পৰিয়ালৰে সদস্যই প্ৰৱঞ্চনা কৰিলে কেনেকুৱা অনুভৱ হ’ব সেয়া হয়টো আপুনিও অনুভৱ কৰিছে।
পুত্ৰই প্ৰতাৰণা কৰিছে পিতৃৰ সৈতে। পিতৃৰ একাউণ্টৰ পৰা জালিয়াতিৰে প্ৰৱঞ্চনা কৰি লুটি নিলে ১৮ লাখ ৫০হাজাৰ টকা। উল্লেখ্য শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজগড় গাঁৱৰ কাছুম আলী নামৰ বয়সস্থ লোকজনে চাৰিশাৰীযুক্ত পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ বাবে বিভাগীয় তৰফৰ পৰা লাভ কৰিছিল ১৯ লাখ ৪৭ হাজাৰ টকা।
টকাখিনি তেখেতৰ পুত্ৰ ছাইকুল ইছলামৰ লগত গৈ তেজপুৰস্থিত (Tezpur) AXIS BANKত একাউণ্ট খুলি জমা কৰিছিল সমুদায় ধন।
ভুক্তভোগী পিতৃৰ ভাষ্য-
এদিন তেওঁৰ টকাৰ প্ৰয়োজন হোৱাত টকা উলিয়াবলৈ বেংকত পুত্ৰৰ সৈতে যায় পুত্ৰই। বাৰান্দাত বহোৱাই তেখেতৰ পৰা চহী লৈ যায় আৰু তেওঁৰ হাতত ৫০ হাজাৰ টকা তুলি দি ঘৰলৈ যাবলৈ কয় বেংকৰ পৰা।
বয়সস্থ কাছুম আলীয়ে ধাৰণা কৰা মতে তেখেতৰ একাউণ্ট খোলাৰ সময়ত তেওঁৰ পৰিৱৰ্তে অন্য লোকৰ চহী বা টিপ চহীৰে একাউণ্ট খুলিছিল কাৰণ পৰৱৰ্তী সময়ত টকা উলিয়াওঁতে কাছুম আলী কোনো ধৰণৰ চহী বা টিপ চহীৰ প্রয়োজন হোৱা নাছিল।
পুত্ৰ ছাইকুল ইছলামে অলপ অলপ কৰি সকলো টকা উঠাই আত্মসাত কৰে। বেংকৰ statement উলিয়াওঁতে কাছুম আলীৰ একাউণ্টত মাত্ৰ ১০৪৬ টকা জমা বুলি দেখুৱায়।
এই সমগ্ৰ ঘটনা কাছুম আলীৰ দ্বিতীয় পুত্ৰ ছাইকুল ইছলামক সোধাত ছাইকুল ইছলামে পিতা কাছুম আলীক অপদস্থ কৰাৰ লগতে মাৰিবলৈ খেদি যায়।
এই সমগ্ৰ জালিয়াতিৰ ঘটনা সন্দৰ্ভত যোৱা ২ আৰু ৫ নৱেম্বৰত AXIS BANK তেজপুৰ শাখাত কাছুম আলীয়ে আবেদন কৰিছিল। লগতে ৮ আৰু ১৮ নৱেম্বৰত তেজপুৰ বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও কোনোধৰণৰ সুফল লাভ কৰা নাই বুলি কাছুম আলীয়ে ক্ষোভ প্ৰকাশ কৰে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post