৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas Mahotsav)। ১৩ দিনীয়া কাৰ্যসূচীৰে ১৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই ৰাস। কিন্তু ৰাসৰ আনন্দ-উলাহৰ মাজতে নলবাৰীৰ (Nalbari) ৰাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী কিশোৰীৰ মৃত্যু (Girl Died After Eating Chow Mein)। মৃত কিশোৰীগৰাকীৰ নাম নাজমিন চুলতানা। বুধবাৰে নিশা নলবাৰী ৰাসত ককাকৰ লগত ৰাস চাবলৈ গৈছিল কিশোৰীগৰাকী।
তাৰে এখন অস্থায়ী বিপনীত চাওমিন খাই ঘৰলৈ উভতিছিল আৰু ঘৰতে অসুস্থ হৈ পৰিছিল কিশোৰীগৰাকী। কিছু সময়ৰ পিছতে নাজমিনে বমি কৰিবলৈ লৈছিল। লগে লগে পৰিয়ালৰ লোকে তাইক নলবাৰীস্থিত ইউনাইটেড হাস্পতাললৈ লৈ যোৱা হৈছিল। পিছে নাজমিনৰ অৱস্থা অধিক সংকটজনক হোৱা নলবাৰীৰ সাৰথি হাস্পতালত (Nalbari Sarathi Hospital) ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
নলবাৰী বৰামা ৰোডৰ মেৰাজুল হকৰ ১২ বছৰীয়া কন্যা নাজমিন। কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল। দুৰ্ভগীয়া পৰিয়ালটোৱে দাবী কৰিছে যে খাদ্য বিপনীখনৰ মালিকক শাস্তি প্ৰদান কৰিব লাগে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/16-dogs-died-for-poison-meat-at-sarbhog-in-assam/12509/
Discussion about this post