অসমৰ ৰাজনীতিত ১৫ বছৰে সিংহাসনত বহি ৰাজ্য চলোৱা লগতে সমগ্ৰ অসমবাসীৰে প্ৰিয় নেতাগৰাকী নথকা আজি এটা বছৰেই হ’ল। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল অসমৰ ৰাজনীতিৰ মহীৰূহ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ (EX CM Tarun Gogoi)। চিৰতৰুণৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত (First Death Anniversary) খাটাং খবৰৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম।
ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল চলিত বৰ্ষৰ ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটা। পত্নী ডলী গগৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ (Ramnath Kovind) পৰা গ্ৰহণ কৰিছিল স্বামীৰ সন্মান।
ইফালে যোৰহাটত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ (EX CM Tarun Gogoi) প্ৰথম মৃত্যু বাৰ্ষিকীত (First Death Anniversary) ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ চহৰ যোৰহাটত জিলা কংগ্ৰেছৰ উদ্যোগতো মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰে। এই অনুষ্ঠানতে নাম প্ৰসংগৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/mizoram-tragic-road-accident-5-death-11-injured/4612/
Discussion about this post