তামুলপুৰ জিলা (Tamulpur) আৰক্ষী অধীক্ষকৰ (SP) নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা কেইবা লাখ টকাৰ গাঞ্জাসহ (Drugs) নিচাজাতীয় টেবলেট শনিবাৰে তামুলপুৰ মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়ৰ সমীপত জ্বলাই দিয়া হয় (Tamulpur Cops Burnt 39 Lakh Drugs And Tablet)।
তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱৰ (SP Pankaj Yadav) নেতৃত্বত ড্ৰাগছখিনি (Drugs) দাহন কৰা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি সমগ্ৰ জিলাখনৰ পৰা ৭৫ কিঃগ্ৰাঃ গাঞ্জাসহ ২৭৮টা নিচাযুক্ত টেবলেট নষ্ট কৰে।
জ্বলাই দিয়া ড্ৰাগছখিনিৰ (Drugs Seized) মূল্য প্ৰায় ৩৯ লাখ টকা হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। এই ড্ৰাগছ বিনষ্ট কাৰ্যসূচীত তামুলপুৰ আৰক্ষী অধীক্ষকগৰাকীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া, উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, দণ্ডাধীশ ওৱাহেদুৰ ৰহমান, ডক্টৰ গৌতম মেধি, তামুলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰ দেওঘৰীয়াকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
Photo & Input: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post