সোমবাৰে নিশা কলিয়াবৰৰ (Kaliabar) উলুৱনি থানাৰ আৱাসত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষী বিষয়াৰ পিষ্টলৰ (Pistol) গুলীত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত (Injured) হয় এটি ৪ বছৰীয়া শিশু।
উলুৱনি আৰক্ষী নিৱেশৰ উপ-পৰিদৰ্শক তিলক বৰদলৈৰ চৰকাৰী আৱাসত নিশা চৰকাৰী পিষ্টলৰ গুলী ফুটি গুৰুতৰভাৱে আহত হয় পুত্ৰ মনোজ বৰদলৈ। তিলক বৰদলৈয়ে নিশা দায়িত্বৰ পৰা উভতি আহি টেবুলতে বন্দুকটো থৈ দিছিল আৰু তেতিয়া পুত্ৰই পিষ্টলটোৰ সৈতে খেলি থাকোতেই এই দুৰ্ঘটনা সংঘটিত হয়।
নিশা লগে লগে শিশুটিক জখলাবন্ধা চিকিতসালয়লৈ লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। বৰ্তমান তেজপুৰৰ চিকিৎসালয়ত (Tezpur Hospital) ভৰ্তি হৈ আছে শিশুটিৰ।
ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আনন্দ মিশ্ৰৰ (Anand Mishra)– ‘এইটো এটা দুৰ্ঘটনা। আৰক্ষী বিষয়াজন অলপ সাৱধান হ’ব লাগিছিল। কাৰণ পিষ্টলটো ঘৰৰ ভিতৰত লৈ যাব নালাগিছিল। সন্তান থাকে। আমি ইয়াক লৈ অলপ নিয়ম বনাম। শিশুটি ভালে আছে। ভৰিত অলপ আঘাত পাইছে। কিন্তু এইটো এটা দুৰ্ঘটনা। এনেকুৱা হ’ব নালাগিছিল। বিষয়াজনক আৰু অনুশীলন দিব লাগিব।’
Photo & Input: Khatang Khobor
Discussion about this post