ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ (Drugs) পয়োভৰ। ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে যুৱ প্ৰজন্মৰ। বিপথে পৰিচালিত হৈছে একাংশ যুৱক-যুৱতী। এই সকলোৰে মাজতে বৰপেটাৰোডৰ (BarpetaRoad) বালাভিঠাৰ বেঁকীৰপাৰত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা (Horrific Incident)।
ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবে পুত্রই ভাঙি জ্বলাই দিলে ঘৰ (Son Burnt Home For Not Giving Money)। ড্ৰাগছ, মদ, ভাং, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি মাতাল হৈ থকা কৃষ্ণ দাসে নিজৰ ঘৰৰ প্ৰায়বোৰ সামগ্ৰী বিক্ৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে পিতৃয়ে। নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ প্ৰতিদিনে পুত্ৰ কৃষ্ণই পিতৃ প্ৰেম দাসৰ পৰা টকা বিচাৰে ৷
পিতৃয়ে টকা দিব নোৱাৰিলে পুত্ৰই ঘৰৰ বস্তু বিক্ৰী কৰে বুলি পিতৃ প্ৰেম দাসে অভিযোগ উত্থাপন কৰিছে ৷ নিচাজাতীয় দ্ৰব্য সেৱন কৰি পিতৃ-মাতৃৰ লগতে ভনিয়েককো মাৰপিট কৰে বুলিও পিতৃয়ে জানিবলৈ দিয়ে। পিতৃয়ে পুত্ৰৰ কোঠাৰ পৰা ড্ৰাগছৰ খালী কইণ্টেনাৰ আৰু ছিৰিঞ্জ আদিও উদ্ধাৰ কৰিছে।
বুধবাৰেও পুত্ৰই তেওঁৰ পৰা ড্ৰাগছ সেৱন কৰিবৰ বাবে ৫ হাজাৰ টকা বিচাৰিছিল। কিন্তু তেওঁ দিবলৈ মান্তি নোহোৱাত পুত্ৰই প্ৰথমে ঘৰটো ভাঙে আৰু তাৰ পিছত জ্বলাই দিয়ে। ফলত দুৰ্ভগীয়া পিতৃয়ে নিজ পুত্ৰৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত (Barpeta Road Police) এজাহাৰ দাখিল কৰিছে (Father FIR lodged Against Son) ৷ কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত ড্ৰাগছ আসক্ত যুৱক কৃষ্ণ দাসক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
Photo & Input: Sahalom Khan
Published By: Dulu Medhi
Discussion about this post