অখিল গগৈক চানমাৰি থানাৰ গোচৰতো দোষমুক্ত ঘোষণা NIA আদালতৰ ৷ বৰ্তমান সকলো গোচৰৰ পৰা দোষমুক্ত শিৱসাগৰৰ বিধায়কজন। দীৰ্ঘদিনৰ চাৰ্জ হিয়াৰিঙৰ অন্তত বৃহস্পতিবাৰে ৰায়দান NIA আদালতৰ।
গোচৰটোত মুঠ অভিযুক্ত আছিল ৪ জন। অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱাল। গোটেইকেইজনকেই গোচৰটোৰ পৰা দিচাৰ্জ কৰিছে আদালতে। তিনিজনে ইতিমধ্যেই লাভ কৰিছিল জামিন।
আজি দোষমুক্ত ঘোষণা কৰা হ’ল অখিল গগৈকো। এজনৰো বিৰুদ্ধে অভিযোগৰ গ্ৰহণযোগ্যতা নাপালে আদালতে। চাৰ্জ ফ্ৰেম কৰিব পৰাকৈ অখিলৰ বিৰুদ্ধে নাপালে কোনো তথ্য প্ৰমাণ।
Photo: Google





























Discussion about this post