দৰিদ্ৰ মানুহে গাই গৰু বেপাৰ কৰে আৰু মুছলমান মানুহৰ ঈদ আহি আছে। ঈদ কি উদযাপন নকৰিব নেকি? সাংবাদিকে হিন্দী ভাষাত চিৰাজুদ্দিন আজমলক অখিল গগৈৰ বিষয়ে প্ৰশ্ন সোধাত তেওঁ ক’লে- অসমীয়াত সোধক। মই অসমীয়া শিকিব লাগিব ন। মোৰ অসমীয়া ভাষাত উন্নতি হৈছেনে? মই শিক্ষক ৰাখিছো। এবছৰ পিছত অসমীয়া আৰু হিন্দী শিকি ল’ম।
‘মই ভাবো ক্ষতি নকৰিব। মানুহে ভয় খাইছে।’- গো সুৰক্ষা বিলখনে কুৰ্বানীৰ সময়ত ক্ষতি নকৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ এইদৰে দিয়ে চিৰাজুদ্দিন আজমলে।
‘অ ভাই শুন তই যিমান হিন্দী জান, তাতোকৈ বেছি মই জানো। কিন্তু মই অসমীয়া নাজানো, সেই মোক শিকিব দিয়ক। মই ইংৰাজী শিকিব নাই, হিন্দীও শিকিব নাই, মই অসমীয়া শিকিব বিচাৰো।’- সাংবাদিকে পুনৰ হিন্দীত প্ৰশ্ন সোধাত ঠিক এনেদৰে উত্তৰ দিলে সাংসদগৰাকীয়ে।
Who Is Akhil Gogoi?- সাংবাদিকে যেতিয়া সুধিলে অখিল গগৈয়ে কৈছে যে সংশোধনী প্ৰস্তাৱ অনা মানে সমৰ্থন জনোৱা। সেই প্ৰশ্নত তেওঁ এনেদৰে দিলে উত্তৰ।
Photo: Google





























Discussion about this post