শিৱসাগৰ (Sivasagar) হাঁহচৰাত মাটি খান্দোতে পৌৰাণিক ৰূপৰ মুদ্ৰা (Silver Coin) উদ্ধাৰ। শিৱসাগৰ জিলাৰ ঐতিহাসিক হাঁহচৰাত আহোম ৰাজত্বৰ গৌৰৱেৰে বিজড়িত কেইবাখনো বাৰী আৰু পুখুৰী আজিও অৱহেলিত হৈ আছে ৷ তেনে এক স্থানতে মাটিৰ ব্যৱসায় কৰা ঠিকাদাৰে JCB আৰু ডাম্পাৰ ব্যৱহাৰ কৰি মাটি খান্দি থাকোঁতে ৰহস্যজনকভাৱে আহোম যুগৰ ৰূপৰ মুদ্ৰা উদ্ধাৰ হয় ৷
মাটি খনন কৰা স্থানত এটা টেকেলীত ৰূপৰ মুদ্ৰা (Silver Coin) উদ্ধাৰ হোৱা বুলি জানিবলৈ পোৱাৰ বিপৰীতে আন এক সূত্ৰৰ মতে মাত্ৰ ৫টা ৰূপৰ মুদ্ৰা পোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এটা মুদ্ৰাত ১৬৬৯ চনতো উল্লেখ থকাৰ লগতে কেইবাটাও ভাষাত লিপিবদ্ধ মুদ্ৰাৰ উদ্ধাৰ হৈছে।
Photo & Input: দীপক ছেত্ৰী
Discussion about this post