ৰঙিয়াত (Rangia) সংঘটিত হৈছে এক হৃদয় বিদাৰক (Tragic Incident) ঘটনা। হানিমুনলৈ গৈ পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত ৰঙিয়াৰ (Rangia) এজন যুৱকে। ছিকিমৰ (Sikkim) উমথাঙলৈ (Yumthang) ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাৱটি ল’লে ৰঙিয়াৰ উদীয়মান যুৱক মুনজিৎ দাসে (Husband Died on His Honeymoon) (৩০)।
মৃত্যুৰ পূৰ্বে স্বামীয়ে পত্নীক এশাৰি বাক্য কৈ গ’ল –‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা, মই আৰু জীয়াই নাথাকিম ছাগে!’ এইষাৰ কথা কৈয়ে দেহৰ পৰা মাহ হালধিৰ গোন্ধ আঁতৰ নৌহওতেই ইহ সংসাৰ ত্যাগ কৰিলে ৰঙিয়া (Rangia) নগৰৰ ৫নং ৱাৰ্ডৰ শান্তিপুৰৰ ৩০ বছৰীয়া উদীয়মান যুৱক মুনজিৎ দাসে।
মৃত্যু কেতিয়া আৰু কেনেকৈ আহে কোনোৱে গম নাপায়। কিছুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। নিজৰ ন কইনাক লগত লৈ ফুৰিবলৈ গৈছিল ছিকিমলৈ। ঘৰলৈ উভতি আহি থকা অৱস্থাতে কোচবিহাৰৰ আলিপুৰদুৱাৰত হঠাৎ উশাহ নিশাহত কষ্ট পাবলৈ ধৰে মুনজিতে।
লগে লগে পত্নীয়ে স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰাই যদিও চিকিৎসকে ইতিমধ্যেই মৃত ঘোষণা কৰে মুনজিতক। ইয়াৰ পিছতে দুৰ্ভগীয়া পত্নীয়ে উপায়ন্তৰ হৈ পৰিয়ালৰ লোকক ফোনযোগে সকলো কথা বিৱৰি মুনজিতৰ মৃত্যুৰ বাতৰিতো দিয়াত পৰিয়ালটোৰ মাজত সৃষ্টি হয় হুলস্থুল।
আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীত অনলাইনযোগে কৰ্মৰত মুনজিতে যোৱা ১৪ নৱেম্বৰত পত্নীৰ সৈতে ছিকিমলৈ (Sikkim) ফুৰিব গৈছিল।
উশাহ-নিশাহত যথেষ্ট কষ্ট পাই আৰু যুৱকজনৰ স্থাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। সেই স্থানতে থকা স্বাস্থ্য কেন্দ্ৰ এটাত পত্নীয়ে মুনজিতক ভৰ্তি কৰাই যদিও চিকিৎসকে অক্সিজেন কম পোৱা বুলি কৈ প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়ে।
চিকিৎসকৰ পৰামৰ্শ মানি দুয়ো লগে লগে ছিকিমৰ পৰা উভতি আহে কিন্তু তেতিয়ালৈ মুনজিতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। পত্নীয়ে উপায়ন্তৰ হৈ নিউ জলপাইগুৰিৰ এখন নাৰ্ছিংহোমত স্বামীক ভৰ্তি কৰাই যদিও পত্নীৰ চকুৰ সন্মুখতে মুনজিৎ দাসে মৃত্যুক সাবটি লয়
ৰঙিয়া ৫নং ৱাৰ্ডৰ শম্ভুৰাম দাসৰ প্ৰথম সন্তান আছিল মুনজিত। তেওঁৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ মাজত এক শোকাকুল পৰিবেশ বিৰাজ কৰে। আনহাতে মুনজিতৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰঙিয়া (Rangia) অঞ্চলতে শোকৰ ছাঁ পৰে। ইতিমধ্যে শেষকৃত্য সম্পন্ন হয় মুনজিতৰ।
Photo & Input: চফিকুল আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-died-4-years-child-died-at-kampur-in-assam/12659/
Discussion about this post