শিৱসাগৰৰ নগৰৰ মাজ মজিয়া স্থিতিত ASTCৰ সমীপৰ কাপোৰৰ ব্যৱসায়ী নাৰায়ন পালক ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিষ্ঠানটো খালী কৰাৰ হুংকাৰ প্ৰদান কৰিলে বীৰ লাচিত অসম সংগঠনৰ বহু কেইজন বিষয়ববীয়াৰ সদস্যসহ কেন্দ্ৰীয় সাংগাঠনিক নেতা শৃংখল চলিহাৰ।
ঘটনা বিৱৰণী অনুসৰি কাপোৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মালিক নাৰায়ন পালে বিগত বহু বছৰৰ পৰায়ে কাপোৰৰ ব্যৱসায়ী চলাই আহিছিল যদিও প্ৰতিষ্ঠানটোৰ প্ৰকৃত স্বত্বাধিকাৰী ননী দেবীয়ে নাৰায়নক পালক বহু বছৰ ধৰি প্ৰতিষ্ঠানটো খালী কৰিব কৈ আহিছিল।
মালিক নাৰায়ন পাল-
শৃংখল চলিহা-
আনহাতে প্ৰতিষ্ঠানটোৰ মালিকে ২০০১ চনৰ পৰায়ে প্ৰকৃত স্বত্বাধিকাৰী ননী দেবীৰ পৰিয়ালক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি থকাৰ লগতে কিন্তু নাৰায়ন পালে খালী নকৰাত আইন ব্যৱস্থাৰ কাষ চাপি নাৰায়ন পালৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল।
ইতিমধ্যে নাৰায়ন পালে আইনী ব্যৱস্থাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ভাড়া দি আহিছে বুলি যদিও অৱশেষত উপায়হীনভাৱে বিধৱা ননী দেবী আৰু অসুখীয়া পুত্ৰ পৰিয়াল বৰ্গৰ কাষ চাপিল বীৰ লাচিত সেনা অসম।
আজি বিধৱা আৰু অসুখীয়া পৰিয়ালবৰ্গক উদ্ধাৰৰ বাবে ৰণচণ্ডী মূৰ্তী প্ৰদৰ্শন কৰি নেতা শৃংখল চলিহাই ৪৮ ঘন্টাৰ ভিতৰত নাৰায়ন পালক প্ৰতিষ্ঠানটো খালী কৰিবলৈ তীব্ৰ হুংকাৰ প্ৰদান কৰে।
আনহাতে ৪৮ ঘণ্টাৰ ভিতৰত খালী কৰিব নে নকৰিব …? আইনী ব্যৱস্থাৰ প্ৰক্ৰিয়াৰ মাজত নেতা শৃংখল চলিহাৰ প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিব সেয়েহে সমগ্ৰ বিষয়টো লক্ষণীয় হ’ব।
Photo & Input: ফৰিদ আলী
Discussion about this post