শিৱসাগৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ মালিক নাৰায়ন পালক প্ৰতিষ্ঠানটো খালী কৰিবলৈ বীৰ লাচিত সেনা অসমে ৪৮ ঘন্টাৰ সময়সীমা বান্ধি দিয়াৰ পিছত দেওবাৰে শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাসহ ৪জন সদস্যৰ বিপক্ষে এজাহাৰ দাখিল কৰে। বেংগলী যুৱ ফেডাৰচনে এজাহাৰ দাখিল কৰে বীৰ লাচিত সেনা অসমৰ ৪জন সদস্যৰ বিৰুদ্ধে।
শিৱসাগৰ সদৰ থানাত এজাহাৰৰ ভিত্তিত 1041/21নম্বৰ গোচৰ পঞ্জীয়ন। ধাৰা- 447/ 153/ A 294 /506 /34।
ইফালে এই সন্দৰ্ভত শৃংখল চলিহাই কয় যে- ‘অসমত কোনোবাই আহি মাটি দখল কৰিব। কোনো বহিঃৰাগত মানুহ আহি অসমীয়া লোকৰ ওপৰত অত্যাচাৰ চলাব। বীৰ লাচিত সেনা অসমে কেতিয়াও মানি নলয়।’
উল্লেখ্য শিৱসাগৰৰ নগৰৰ মাজ মজিয়া স্থিতিত ASTCৰ সমীপৰ কাপোৰৰ ব্যৱসায়ী নাৰায়ন পালক ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিষ্ঠানটো খালী কৰাৰ হুংকাৰ প্ৰদান কৰিছিল বীৰ লাচিত অসম সংগঠনৰ বহু কেইজন বিষয়ববীয়াৰ সদস্যসহ কেন্দ্ৰীয় সাংগাঠনিক নেতা শৃংখল চলিহাই।
ঘটনা বিৱৰণী অনুসৰি কাপোৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ মালিক নাৰায়ন পালে বিগত বহু বছৰৰ পৰায়ে কাপোৰৰ ব্যৱসায়ী চলাই আহিছিল যদিও প্ৰতিষ্ঠানটোৰ প্ৰকৃত স্বত্বাধিকাৰী ননী দেবীয়ে নাৰায়নক পালক বহু বছৰ ধৰি প্ৰতিষ্ঠানটো খালী কৰিব কৈ আহিছিল।
আনহাতে প্ৰতিষ্ঠানটোৰ মালিকে ২০০১ চনৰ পৰায়ে প্ৰকৃত স্বত্বাধিকাৰী ননী দেবীৰ পৰিয়ালক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি থকাৰ লগতে কিন্তু নাৰায়ন পালে খালী নকৰাত আইন ব্যৱস্থাৰ কাষ চাপি নাৰায়ন পালৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল।
ইতিমধ্যে নাৰায়ন পালে আইনী ব্যৱস্থাৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ভাড়া দি আহিছে বুলি যদিও অৱশেষত উপায়হীনভাৱে বিধৱা ননী দেবী আৰু অসুখীয়া পুত্ৰ পৰিয়াল বৰ্গৰ কাষ চাপিছিল বীৰ লাচিত সেনা অসমে।
Photo: ফৰিদ আলী
Discussion about this post