তেজপুৰত (Tezpur) ৰেঞ্জাৰ অজিৎ গগৈৰ নিকৃষ্ট কাণ্ড (Ranger Ajit Gogoi Detain) ৷ জব্দাকৃত বাহন মোকলাই দিয়াৰ নাত চালকৰ পত্নীক অশ্লীল প্ৰস্তাৱ (Derogatory Proposal) ৷ আটক ৰেঞ্জাৰ ৷
তেজপুৰত বন বিভাগৰ (Forest Department) এজন ৰেঞ্জাৰৰ নিকৃষ্ট কাণ্ডই লজ্জানত কৰিলে সমগ্ৰ নাৰী সমাজকে ৷ ৰেঞ্জাৰে জব্দ কৰা গাড়ী মোকলাই দিয়াৰ নামত চালকৰ পত্নীক অশ্লীল ইংগিত ৷ তেজপুৰ দোলাবাৰীত ৰাইজে আবদ্ধ কৰিলে লম্পট ৰেঞ্জাৰক ৷ দিপলোঙা ৰেঞ্জৰ (Diplonga Range) ৰেঞ্জাৰ অজিত গগৈৰ বিৰুদ্ধে চালকৰ পত্নীৰ এজাহাৰ দাখিল ৷ এই এজাহাৰৰ ভিত্তিত আটক ৰেঞ্জাৰ অজিত গগৈক ৷
WhatsApp Audio 2022-08-29 at 4.47.33 PM
WhatsApp Audio 2022-08-29 at 4.47.34 PM
২০ জুনত দিপলোঙা ৰেঞ্জৰ অন্তৰ্গত টৌ ভঙা দলঙৰ ওপৰত AS 12CC 0386 নম্বৰৰ বলেৰ পিক আপ গাড়ীখনেৰে কঢ়িয়াই আনিছিল কাঠ ৷ সেই সময়তে সেই ৰেঞ্জটোৰ ৰেঞ্জাৰে জব্দ কৰে কাঠভৰ্তি বলেৰখন ৷ পিছত কাঠৰগৰাকীৰ লগত প্ৰথমে এক লাখ টকা দাবী কৰিছিল যদিও ৭০ হাজাৰ টকাৰ বিনিময়ত মান্তি হৈছিল ৰেঞ্জাৰ অজিৎ গগৈ ৷
সেই সময়ত কাঠৰগৰাকীৰ হাতত পৰ্যাপ্ত ধন নথকাত ৫৪ হাজাৰ টকা আদায় দিয়ে যদিও বাকী ৰৈ গ’ল ১৬ হাজাৰ টকা ৷ সেই ১৬ হাজাৰৰ বিনিময়ত ৰেঞ্জাৰ গগৈয়ে বন্ধকত ৰাখিলে দুটাকৈ মোবাইল ফোন ৷
পিছত ১৬ হাজাৰ টকা দি মোবাইল দুটা উদ্ধাৰ কৰিলে যদিও ৰৈ গ’ল বলেৰ পিকাপখন ৷ বলেৰ গাড়ীখন মোকলাই দিবলৈ লম্পট ৰেঞ্জাৰ গগৈয়ে চালক আব্দুল মালেকৰ পত্নী তথা দুটি সন্তানৰ মাতৃ ৰহিমা বেগমক ফোনযোগে প্ৰস্তাৱ দিলে দুনিশা যাপনৰ ৷
লম্পট ৰেঞ্জাৰৰ টেলিফোনত ৰেকৰ্ডিং (Call Recording) হোৱা সকলো কথা স্থানীয় একাংশ লোকক প্ৰকাশ কৰাত খড়গহস্ত হৈ পৰাত লম্পট ৰেঞ্জাৰক কৌশলেৰে দোলাবাৰেলৈ মাতি আনি আৱদ্ধ কৰিলে ৰাইজে। পিছত আৰক্ষী উপস্থিত হৈ ৰেঞ্জাৰ গগৈক আটক কৰি স্থানীয় বৰঘাট আৰক্ষী (Barghat Police) চকীলৈ লৈ যায়।
Photo & Input: ছাইদুল ইছলাম
Published By: Dulu Medhi
Discussion about this post