বৰ্তমান মানৱ জীৱনত এবিধ মূল্য়ৱান সামগ্ৰী। যাৰে নাম মোবাইল ফোন। এই মোবাইলৰে এটা অবিচ্ছেদ্য অংগ হেডফোন। প্ৰায়ে লোকে কথা পাতিবলৈ বা গান শুনিবলৈ ব্যৱহাৰ কৰে হেডফোন। কিন্তু জানেনে আপুনি এই প্ৰয়োজনীয় সামগ্ৰীবিধৰ বাবে এটা পৰিয়াললৈ নামি আহিল অমানিষা।
সপ্তম শ্ৰেণীৰ ছাত্ৰ সুৱৰ্ণ বৰ্মন। সুৱৰ্ণক আৰু ঘূৰাই নাপাব পৰিয়ালৰ লোকে। কাৰণ এডাল হেডফোন আৰু এটা মোবাইলে কাল হ’ল এই সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ বাবে।
সুৱৰ্ণই দৈনন্দিন খেতিয়ক দেউতাকক পথাৰৰ কামত সহায় কৰিছিল আৰু আজি পুৱাও পথাৰত দেউতাকৰ লাগতিয়াল এবিধ বিশেষ গছৰ কেইটামান পাত আনিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল সুৱৰ্ণ ৷ পৰিয়ালৰ লোকে সুৱৰ্ণৰ সন্ধানত চাৰিওফালে ঘূৰি ফুৰিছিল। অৱশেষত তাক বিচাৰি পালে কিন্তু মৃত অৱস্থাত। ৰে’ল পথৰ দাঁতিত উদ্ধাৰ হ’ল দুৰ্ভগীয়া সুৱৰ্ণৰ নিথৰ দেহ ৷
দ্ৰুতবেগী ৰে’লৰ খুন্দাত চিটিকি যায় বহু দূৰলৈ। কাণত হেডফোন লগাই গান শুনি ৰে’লপথেৰে গৈ থাকোতে দ্ৰুতবেগী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় এটি কিশোৰজন ৷ এই ঘটনা অসমৰ।
গোৱালপাৰাৰ ধূপধৰাৰ খেকাপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ কাণত হেডফোন লগাই খেতি পথাৰৰ বাবে প্ৰয়োজনীয় “ভলা গছৰ পাত ” ঘৰলৈ লৈ আহি থাকোঁতে ৰে’লে মহতিয়াই নিয়ে কিশোৰজনক ৷ দুৰ্ঘটনা সংঘটিত কৰা ৰে’লখন আছিল গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী।
হেডফোন লগাই গান শুনি থকাৰ ফলতে ৰে’ল অহা গম পোৱা নাছিল আৰু পিছলৈ নোচোৱাকৈয়ে ৰে’লপথেৰে খোজকাঢ়ি গৈ আছিল সুৱৰ্ণই। গতিকে সাৱধান হওক আপুনি।
Photo: Google




























Discussion about this post