লকডাউনে ধ্বংস কৰিলে এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক। সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ বহু নেতা-মন্ত্ৰীৰ যথেষ্ট ঘনিষ্ঠ লখিমপুৰৰ লালুকৰ মিঠুৰঞ্জন দাস। জ্যেষ্ঠ বিজেপি নেতা মিঠুৰঞ্জন দাসে আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়।
নিজ বাসগৃহৰ এটা পৰিত্যক্ত কোঠাত চিপ লৈ আত্মহত্যা কৰা বিজেপি নেতাজনৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে তিনি পৃষ্ঠাৰ ছুইচাইড নোট। ছুইচাইড নোটৰ পাতে-পাতে কেনেকৈ ঋণ-ধাৰত পোত গৈ অৱশেষত ল’লে জীৱনৰ চৰম সিদ্ধান্ত তাৰ শিহৰণকাৰী বৰ্ণনা।



সুতৰ ওপৰত টকা লৈ লালুক মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ খাদ্যৰ যোগান ধৰিছিল আন এগৰাকী সহযোগী বিজেপি নেতাৰ সৈতে মিলি মিঠুৰঞ্জন দাসে। তাৰ বিনিময়ত চৰকাৰী পক্ষৰ পৰা পাবলগীয়া আছিল ১৭ লাখকৈ টকা। এনেদৰে সুতৰ ওপৰত টকা লৈ তেওঁ বিভিন্নজনৰ সৈতে কৰিছিল ঠিকা-ঠুকলি।
সেই সমূহৰো পাবলগীয়া লাখ-লাখ টকা নাপালে মৃত দাসে। তীব্ৰ আৰ্থিক সংকট আৰু মানসিক চাপত ভুগি অৱশেষত সোমবাৰে পুৱা চূড়ান্ত সিদ্ধান্ত ল’লে বিজেপিৰ জ্যেষ্ঠ এইগৰাকী নেতাই। খবৰ লাভ কৰাৰ পিছতে লালুক আৰক্ষী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
ইফালে মিঠুৰঞ্জন দাসৰ মৃত্যুত শোকপ্ৰকাশ কৰে বিজেপিৰ অফিচিয়েল একাউণ্টৰ পৰা-
https://twitter.com/BJP4Assam/status/1429742498373455874?s=20
Photo & Input: Khatang Khobor




























Discussion about this post