ৰুক্মিনী গাঁৱৰ Hit & Run গোচৰৰ অভিযুক্ত ৰাজকন্যা বৰুৱাৰ জামিন (Bail) মঞ্জুৰ। শনিবাৰে জামিন মঞ্জুৰ কৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।
অভিযুক্তৰ বিৰুদ্ধে দিছপুৰ থানাত (Dispur Police) 3613/2021 নংত গোচৰ ৰজু হৈছিল। ভাৰতীয় দণ্ডবিধিৰ 279/338/294/353 ধাৰাৰ অধীনত ৰজু কৰা হৈছিল গোচৰ ৷
অভিযুক্ত ৰাজকন্যা বৰুৱাৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা প্ৰাঞ্জল দত্ত আৰু প্ৰসন্নজ্যোতি শইকীয়াই ৷
উল্লেখ্য শুকুৰবাৰে নিশা অভিযুক্ত ৰাজকন্যা বৰুৱাই নিজ বাহনেৰে মহটিয়াই নিছিল নিশা কাম কৰি থকা ৮জন শ্ৰমিকক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত (Injured) হৈছিল ৮জনকৈ শ্ৰমিক আৰু এজন লোকৰ ছিঙি গৈছিল ভৰি। আহত আটাইকেইজন লোককে GMCHত ভৰ্তি কৰোৱা হৈছিল। সুৰামত্ত যুৱতীগৰাকীয়ে ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ সৈতেও তৰ্কাতৰ্কি কৰিছিল। নিশা প্ৰায় ২ বজাত সংঘটিত হৈছিল এই ঘটনা।
আৰু পঢ়ক- https://khatangkhobor.com/news/assam/drunker-girl-accident-case-8-labours-injured-in-guwahati/3203/
Photo: Khatang Khobor
Discussion about this post