নগাঁও (Nagaon) সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi) তৎপৰতা। নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi) পুনৰবাৰ প্ৰমাণ কৰিলে সমষ্টিবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা। ৩১ অক্টোবৰত হোজাই জিলাত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰাৰ সময়ত সাংসদগৰাকীয়ে সভাস্থলীৰে পৰা ফোনযোগে পথ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশ দিলে বিভাগীয় কৰ্তৃপক্ষক।
সভাত উপস্থিত থকাৰ সময়ত ৰাইজে উল্লেখ কৰিছিল হোজাইৰ এফচিআই ৰোডৰ তথৈবচ অৱস্থাৰ কথা। সেই সময়তে অনতিবলম্বে সাংসদগৰাকীয়ে উল্লেখ কৰা পথটোৰ উন্নীতকৰণৰ কাম কৰিবলৈ আহ্বান জনায়।
MP @pradyutbordoloi sir visited my ward yesterday and on public's request made a call on the spot for FCI road construction at Hojai. pic.twitter.com/1eC033FjVr
— Adv Mumtaz Begum (@i_am_mumtaz) October 31, 2021
দীৰ্ঘদিনে সেই পথটো নিৰ্মাণ হোৱা নাছিল। সেই বিষয়ে ৰাইজে সাংসদগৰাকীক অৱগত কৰিছিল। ৰাইজৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংসদগৰাকীয়ে ফোন কৰে কৰ্তৃপক্ষক আৰু পথটো শীঘ্ৰে মেৰামতি কৰাৰ কথা কয়। সাংসদগৰাকীৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজ তথা সমষ্টিবাসীয়ে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/student-allegation-against-teacher-at-biswanath/4117/
Discussion about this post