আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইণ্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এজন যুৱক ৷
বিশ্বনাথ আৰক্ষীয়ে ক’ভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘূৰি ফুৰা লোকসকলক সোধা-পোছা কৰি থকাৰ সময়তে মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়।
যান-বাহন আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাৰ লগে লগেই আৰক্ষীৰ ওপৰত জাঙুৰ খাই উঠে দেৱজিৎ দাস নামৰ যুৱকজন।
পিছত যুৱকজনে ‘পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ’ ধ্বনি দিবলৈ ধৰে ৷ আনকি পকেটত থকা মাস্কখনো দলিয়াই দি আৰক্ষীৰ আগত বীৰত্ব প্ৰদৰ্শন কৰে এইজন যুৱকে ৷
ক’ভিড ডিউটি কৰি আহিছো বুলি হাতত এখন কাগজ দেখুওৱা যুৱকজনে ক’ভিড নামৰ একো বস্তুৱে নাই বুলি কেমেৰাৰ সন্মুখত চিঞৰে আৰু সেই কাৰণেই মাস্ক নিপিন্ধো বুলি কয় ৷ যুৱকজনে ওলোটাই যান-বাহন আৰক্ষীক প্ৰত্যাহ্বান জনাই কয় যে ,SPক জনাই DCক জনাই I Don’t Care ৷
আনহাতে, পাকিস্তান জিন্দাবাদ দি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰা দেৱজিতক আৰক্ষীয়ে গাড়ীত বহিবলৈ কয় যদিও আৰক্ষীৰ গাড়ীত ন’বহো বুলি কৈ ওলোটাই আৰক্ষীক গালি গালাজ কৰে ৷ পিছত আৰক্ষীয়ে ঠেলি হেচি গাড়ীত উঠাই থানালৈ লৈ যায় যুৱকজনক ৷ কেমেৰাত আৱদ্ধ হৈছে এই ঘটনাৰ সমগ্ৰ দৃশ্য ৷
ইফালে ক’ৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে বিশ্বনাথ জিলাক কণ্টেইনমেণ্ট জিলা হিচাপে চৰকাৰে ঘোষণা কৰিছে যদিও এনে একাংশ অসচেতন লোকে এনেদৰেই ক’ভিড বিধি উলংঘা কৰি ফুৰিছে ৷
ক’ভিড বিধি উলংঘা কৰাৰ লগতে যুৱকজনে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলক আচৰিত কৰি তুলিছে ৷
Photo : Khatang Khobor
Discussion about this post