খাকী পোচাকত দাগ লগালে আৰক্ষী কনিষ্টবলে (Police Constable)। আৰক্ষীয়ে তালাচী চলাইছে আৰক্ষীৰ। তদন্ত কৰিছে আকৌ আৰক্ষীয়েই।
শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰক্ষী থানাৰ (Tezpur Sadar Police) অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ দেৱব্ৰত বিশ্বাস নামৰ আৰক্ষী কনিষ্ঠবল লেঞ্চ নায়কক এজন গোচৰীয়াৰ পৰা ৩ হাজাৰ টকা লোৱাৰ সময়ত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ (Sonitpur Police) নেতৃত্বত যোৱা দলে হাতে-লোটে ধৰিবলৈ সক্ষম হয়।
আৰক্ষী কনিষ্ঠবল দেৱব্ৰত বিশ্বাসজনৰ ওপৰত পূৰ্বৰ পৰাই গোচৰীয়াৰ পৰা ধন সংগ্ৰহ, ধন দাবী আদি অভিযোগ উত্থাপিত হৈছে। দেৱব্ৰত বিশ্বাসৰ পৰা অভিযান চলাই নগদ ১৩ হাজাৰ টকা উদ্ধাৰ কৰাৰ উপৰিও বেৰেকৰ পৰা ২০ হাজাৰ টকা উদ্ধাৰ হয় যি টকা দেৱব্ৰত বিশ্বাসে জৰিমনা সংগ্ৰহৰ টকা বুলি দাবী কৰে। ইয়াৰ লগতে অভিযান চলাই আৰক্ষীয়ে কেইবাটাও সোণৰ বিস্কুট (Gold Biscuit) উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমানলৈকে অভিযান অব্যাহত আছে অনাগত সময়ত আৰু বহুতো তথ্য উদ্ধাৰ হ’ব বুলি জানিব পৰা গৈছে। লক্ষ্যণীয় কথাটো হ’ল অসম আৰক্ষীক সংস্কাৰৰ চেষ্টা কৰি আছে চৰকাৰে আৰু বিষয়াই কৰি আছে কি? নে একাংশ আৰক্ষীয়ে দুৰ্নীতি সংঘটিত কৰাৰ বাবে পণ লৈছে আৰু চৰকাৰক প্ৰত্যাহ্বান জনাইছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post