বিলাসীপাৰা (Bilasipara) শালকোচাত আৰক্ষীৰ (Police) বৰ্বৰ লাঠীচালনাত (Beaten) গুৰুতৰভাৱে আহত (Injured) ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীসহ মহিলা আৰু পুৰুষ। এই প্ৰতিবাদত (Protest) প্ৰতিবাদীকাৰীক (Protestor) আৰক্ষীয়ে বৰ্বৰ লাঠিচালনা সন্দৰ্ভত বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আৰক্ষীৰ বৰ্বৰ লাঠীচালনাত গুৰুতৰভাৱে আহত ক্ৰমে অৰ্চনা বৰ্মণ, ফাৰহানা আহমেদ, ৰশ্মি বৰ্মণ, ইউনিছ আলী, মইনুল ইছলাম, প্ৰান্তব বৰ্মণ, বৰ্ণালী সিংহ, ভাস্কৰ বৰ্মণ, সোণালী বৰ্মণ, সীমা বৰ্মণ, বিপ্লব বৰ্মণ, লুইচ আহমেদ, মিনু বৰ্মণ, চিৰঞ্জীত নম: দাস, অনুপম বৰ্মণ, অভিজিত নাথ, ইছমাইল আলী, হৃদয় নম: দাস, কৌশিক ৰায়, মাছুদ জাকাৰীয়া শ্বেখ, নয়নজিৎ বৰ্মণ, অলকেশ বৰ্মণ আৰু দিপ্তী নাথ।
উল্লেখযোগ্য যে শালকোচা অঞ্চলত বিলাতী সুৰাৰ বিপনী (Liquor Shop) স্থাপনৰ বিৰোধিতা আৰু অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত এই প্ৰতিবাদ কৰিছিল ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন দল-সংগঠনে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post