ধিঙত (Dhing) পি এম কিষানৰ (PM KISAN scheme) নামত সংঘটিত ২০ কোটি টকীয়া কেলেংকাৰীৰ তথ্য ফাদিল। সমগ্ৰ কেলেংকাৰীৰ আঁৰত আছে তিনিখনকৈ বেংক চি এছ পি আৰু দুই ভাতৃ। সাধাৰণ চি এছ পিৰ জৰিয়তে মাথো তিনিটা বছৰৰ ভিতৰতে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে আবুকালাম, আবু তাহেৰে? কত কি সম্পত্তি আছে আবুকালাম, আবুতাহেৰৰ? তদন্ত ক্ৰমে দোষীক কৰায়ত্ব কৰাৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ।
একমাত্ৰ দৰিদ্ৰ কৃষকৰ বাবে ৰূপায়ন কৰা এটি বিশেষ আচঁনি। নাম-প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আচঁনি চমুকৈ” পি এম কিষান “। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অথাৎ ২০১৮ চনত বলবৎ হোৱা এই আচঁনিখন ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখে শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। অসমত এই আচঁনিত নাম অন্তৰ্ভুক্ত হৈছিল ২৭,০৯,৯৮৫ গৰাকী কৃষকৰ। সেই অনুসৰি প্ৰতিগৰাকী কৃষক পৰিয়ালে প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ অথাৎ বছৰি ৬০০০ টকাকৈ লাভ কৰিলে প্ৰতিগৰাকী কৃষকে। সেই হিচাপত আজিপৰ্যন্ত এজন এজন কৃষকে লাভ কৰিলে ৮ৰ পৰা ১০ হেজাৰ টকা পৰ্যন্ত। সেয়া সকলো ঠিকেই আছিল। কিন্তু এই আচঁনিৰ নামত সমগ্ৰ ৰাজ্যজুৰি সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। তাতোকৈ ডাঙৰ কথাটো হল, এই আচঁনিৰ নামত সমগ্র ৰাজ্যৰ ভিতৰত এখন পঞ্চায়তত সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হোৱা অভিযোগ উখাপন হৈছে। আৰু এই ভয়ানক কেলেংকাৰীৰ আঁৰত আছে দুজনকৈ চি এছ পি আৰু এটা চক্ৰ।
এক কোটি দুই কোটি নহয়, নগাঁও জিলাৰ ধিঙৰ লহকৰ ঘাট গাঁও পঞ্চায়তত পি এম কিষান আচঁনি আৰু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত সংঘটিত প্ৰায় ২০ কোটি টকাৰ ভয়ানক কেলেংকাৰীৰ ঘটনা। আৰু এই ভয়ংকৰ কেলেংকাৰীত ধিং গ্ৰামীণ বিকাশ বেংকৰ অন্তৰ্গত দুখনকৈ আৰু ধিং ষ্টেট বেংকৰ এটা চি এছ পি জড়িত থকাৰ গুৰুতৰ অভিযোগ উখাপন হৈছে।
ধিং লহকৰ গাঁৱৰ গ্ৰামীণ বিকাশ বেংক – ধিং এচ বি আই বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী আবুকালাম আৰু একেই বেংকৰ চি এছ পিৰ স্বত্বাধিকাৰী তথা আবু তাহেৰেৰ পত্নী নাজিমা বেগমে এটা দুষ্ট চক্ৰক লগত লৈ নগাঁও জিলাৰ কৃষি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহযোগত বিগত তিনিটা বছৰে ভুৱা একাউণ্ট আৰু বিভিন্ন জালিয়াতিৰে বিশেষকৈ পি এম কিষান আৰু সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানিৰ ধনৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে আজি স্থানীয় শতাধিক ৰাইজে চি এছ পি আৰু দুই স্বত্বাধিকাৰৰ তথা দুই ভাতৃৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই কেলেংকাৰীত জড়িত থকা সকল অতি শ্ৰীগ্ৰেই তদন্ত ক্ৰমে শাস্তিৰ দাবী জনাইছে চৰকাৰক।
ৰাইজৰ প্ৰশ্ন , সাধাৰণ দুটা চিএছপিৰ জৰিয়তে এই দুই ভাতৃয়ে মাথোঁ তিনিটা বছৰৰ ভিতৰত কেনেকৈ কোটিপটি হ’ল ? ক’ত পালে ইমান টকা ? কেনেকৈ গঢ়িলে বৃহৎ সম্পত্তিৰ পাহাৰ?
ৰাইজৰ অভিযোগ অনুসৰি, এই দুই ভাতৃয়ে চি এছ পিৰ জড়িয়তে মাথোঁ তিনিটা বছৰৰ ভিতৰতে বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত কৰি গঢ়িলে সম্পত্তিৰ পাহাৰ। ইতিমধ্যে দুই ভাতৃয়ে ক্ৰয় কৰিলে কেইবাখনো জেচিবি, ডাম্পাৰ, ট্ৰেক্টৰ, চাৰিচকীয়া বাহন। ধিং মৈৰাবাৰী গড়কাপ্তানী পথৰ কাষত কোটি টকাৰ ভূমি ক্ৰয় কৰি নিৰ্মাণ কৰি আছে দুই মহলীয়া অট্টালিকা। মাত্ৰ ১৫ দিনৰ আগতে নগাঁৱৰ ননৈৰ এঠাইত কিনিছে ডেৰ কোটি কটা ব্যায় সাপেক্ষে ২৫ বিঘা মাটি। তাকো অতি চালাকিৰে এইসমূহ সম্পত্তি লৈছে বেলেগৰ বেলেগৰ নামত হে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post