কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু দিছপুৰ থানাত। PM কিষাণ সন্মান নিধিত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে এই গোচৰ।
কেন্দ্ৰীয় আঁচনিখনত ৰাজ্যত ৮,৩৫,২৬৮ লাখ ভুৱা হিতাধিকাৰী কৃষক। অসমৰ ভুৱা কৃষকৰ হাতলৈ যোৱা ধনৰ পৰিমাণ হ’ল ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ টকা।
এই আঁচনিখনৰ লগত জড়িত বিভাগীয় চৰকাৰী কৰ্মচাৰী, বিষয়া, আমোলা আৰু বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৯, ৪১৭, ৪২০, ৪৬৮ আৰু Prevention Of Corruption Actৰ অধীনত গোচৰ ৰুজু কৰিছে।
কথা আৰু প্ৰতিশ্ৰুতি আছিল উন্নয়ন আৰু সফলতাৰ ক্ষেত্ৰত অসমক গঢ়ি তোলা হব দেশৰ পাচ খন ৰাজ্যৰ এখন হিচাপে। ২০১৬ ৰ পৰা ২০২১ লৈ পাঁচ বছৰীয়া বিজেপিৰ শাসনকালত সেয়া হৈছে নে নাই হোৱা সেয়া অসমৰ ৰাইজে দেখিছে।
পিছে, উন্নয়নত পাচখন ৰাজ্যৰ এখন নহলেও দুৰ্নীতি-কেলেংকাৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে অসমে।
দেশৰ ভিতৰতেই প্ৰথম হৈ সুনাম কঢ়িওৱাৰ পৰিবৰ্তে অসমলৈ বদনাম কঢ়িয়াই আনিছে অসম চৰকাৰৰ এটা বিয়াগোম বিভাগে।৫৫৪ কোটি টকাৰ ঘোটালা কৰি বদনাম কঢ়িয়াই অনা বিভাগটো হৈছে অতুল বৰাৰ নেতৃত্বাধীন কৃষি বিভাগ।
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ PM কিষাণ আঁচনি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৃষক কল্যাণৰ অৰ্থে এক অভিলাষী আঁচনি। ২০১৮ ৰ ডিচেম্বৰৰ পৰা কাৰ্ষকৰী হোৱা এই আঁচনিৰ জৰিয়তে দেশৰ যোগ্য কৃষকক বছৰি প্ৰদান কৰা হয় ৬ হাজাৰকৈ টকা।তিনিটা ইনষ্টলমেন্টত প্ৰদান কৰা এই ধনৰ বাবে বছৰি কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হয় ৭৫ হাজাৰ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নামতেই অসমৰ কৃষি বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী।সংসদৰ চলিত অধিৱেশনতেই স্বয়ং কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে উন্মোচন কৰিলে অতুল বৰাৰ কৃষি বিভাগত সংঘটিত বহু কোটি টকীয়া কেলেংকাৰী।
কি এই কেলেংকাৰী?
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত অসমত ৮,৩৫,২৬৮ জন ভুৱা কৃষকে উলিয়াই নিলে ৫৫৪,০১৭২০০০ কোটি টকা।
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত একাংশ ভুৱা কৃষকে চৰকাৰী ধন লাভ কৰাৰ বিষয়টো পোহৰলৈ আহিছিল চলিত বৰ্ষৰ জানুৱাৰী মাহত।বিষয়টো স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভুৱা কৃষকে লাভ কৰা ধন ঘুৰাই অনাৰ ব্যৱস্থা কৰা হব বুলি সদৰি কৰিছিল যদিও প্ৰকৃততে কিমান ভুৱা কৃষকে এনেদৰে চৰকাৰী ধন সৰকাই নিলে সেই তথ্য ৰাজহুৱা কৰা নাছিল।ছয় মাহ পাছত সংসদৰ চলিত অধিবেশনত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত ধন উলিয়াই নিয়া ভুৱা কৃষকৰ সংখ্যা প্ৰকাশ কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে। কৃষি মন্ত্ৰী গৰাকীৰ তথ্যই উদঙাই দিলে প্ৰধানমন্ত্ৰীৰ এই সপোনৰ আঁচনিখনৰ নামত অসমত কি চলিছিল।
৮,৩৫,২৬৮ জন ভুৱা কৃষকে উলিয়াই নিলে ৫৫৪,০১৭২০০০ কোটি টকা। চৰকাৰী বা বিভাগীয় পৃষ্ঠপোষকতা নাথাকিলে এয়া সম্ভৱ নে?
ভুৱা কৃষকে সৰকাই নিয়া ধন উভতাই আনিবৰ বাবে ইতিমধ্যে এছ অ পি জাৰি কৰিছে কেন্দ্ৰীয় কৃষি বিভাগে।ঘুৰাই দিব লাগিব অসমৰ ভুৱা কৃষকেও। পিছে ৮ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪ কোটি টকা। সম্ভৱ হ’বনে।
Photo : Khatang Khobor
Discussion about this post